দেওবাৰে জীৱন ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে। সোমবাৰে হৈ যায় সুশান্তৰ শেষকৃত্য। সুশান্তৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ বলীউদ। মৰনোত্তৰ পৰীক্ষাত সুশান্তই ইচ্ছাকৃত ভাবেই জীৱন ত্যাগ কৰাৰ প্ৰমাণিত হয়। আৰক্ষীয়েও সুশান্তৰ বাসগৃহত নাপালে কোনো ধৰণৰ আপত্তিজনক তথ্য।
নৱেম্বৰত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ সৈতে বিয়াত বহাৰ কথা আছিল অভিনেতাজন। বিভিন্ন সময়ত দুয়োকে আনকি একেলগে সময় অতিবাহিত কৰাও দেখিবলৈ পোৱা গৈছিল। আনকি ল’ক ডাউনৰ সময়তো দুয়ো কিছু একেলগেই আছিল সুশান্তৰ ফ্লেটত।
যেতিয়া হাস্পতালৰ মৰ্গত পৰি আছিল সুশান্তৰ মৃতদেহ। প্ৰেয়সী ৰিয়াই অন্তিম বাৰৰ বাবে আপোন মানুহ জনক দেখা কৰি কান্দোনত ভাঙি পৰিল। শেষ বাৰৰ কাৰণে নিজৰ ভালপোৱা জনক প্ৰত্যক্ষ কৰি অশ্ৰুশিক্ত নয়নেৰে বিদায় জনায় ৰিয়াই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 15, 2020, 23:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।