• Home
  • »
  • News
  • »
  • nation
  • »
  • Lata Mangeshkar|Pakistan: সংগীতৰ কোনো সীমা নাই, পাকিস্তানতো কোকিলকণ্ঠী লতা মংগেশকাৰলৈ অন্তিম শ্ৰদ্ধাঞ্জলি

Lata Mangeshkar|Pakistan: সংগীতৰ কোনো সীমা নাই, পাকিস্তানতো কোকিলকণ্ঠী লতা মংগেশকাৰলৈ অন্তিম শ্ৰদ্ধাঞ্জলি

Lata Mangeshkar|Pakistan: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটাৰযোগে উল্লেখ কৰে যে লতাৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি।

Lata Mangeshkar|Pakistan: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটাৰযোগে উল্লেখ কৰে যে লতাৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি।

Lata Mangeshkar|Pakistan: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে টুইটাৰযোগে উল্লেখ কৰে যে লতাৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি।

  • Share this:
লতা মংগেশকাৰ (Lata Mangeshkar)ৰ মৃত্যু কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি। আনকি মৃত্যুৰ সময়তো, কিংবদন্তি গায়িকাগৰাকীয়ে প্ৰমাণ কৰি গ'ল যে সংগীতৰ কোনো সীমা নাই। শ্ৰীলংকাৰ পৰা বাংলাদেশলৈকে - কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰই শোক প্ৰকাশ কৰিছে লতাৰ মৃত্যুত। অমৰ কণ্ঠৰ গৰাকী লতাজীলৈ শ্ৰদ্ধাঞ্জলি জোনৱাত পাকিস্তানোপিছ পৰি ৰোৱ নাই। পাকিস্তানত লতাৰ গুণমুগ্ধসকলেও এই দুখজনক দিনটোত অশ্ৰুসিক্ত আৰু শোকত ভাগি পৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan) টুইটাৰযোগে উল্লেখ কৰে যে লতাৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি। "লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে উপমহাদেশখনে বিশ্বই জনা সঁচাকৈয়ে মহান গায়কসকলৰ মাজৰ এজনক হেৰুৱাইছে। তেওঁৰ গানে গোটেই পৃথিৱীৰ অলেখ লোকক অপাৰ আনন্দ দিছে," তেওঁ লিখিছিল। পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে টুইটাৰযোগে লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লতা দিদিক 'মুকুট বিহীন ৰাণী' বুলি অভিহিত কৰি লিখিছিল, "এগৰাকী কিংবদন্তী আৰু নাই, #LataMangeshkar এগৰাকী সুমধুৰ কণ্ঠৰ ৰাণী আছিল যি কেইবা দশক ধৰি সংগীতৰ জগতত জিলিকি আছিল, তেওঁ সংগীতৰ মুকুট বিহীন ৰাণী আছিল, তেওঁৰ কণ্ঠই আগন্তুক সকলো সময়ৰ বাবে মানুহৰ হৃদয়ত বাস কৰি থাকিব।"



পাকিস্তানী গায়ক আলী জাফৰে (Ali Jafar) আৱেগিক আৰু সুমধুৰ এটা গান উৎসৰ্গা কৰি লতা মংগেশকাৰক স্মৰণ কৰিছিল। শোৱেব মালিক আৰু ৱাকাৰ ইউনুছকে ধৰি পাকিস্তানৰ ক্ৰিকেটাৰসকলেও লতা মংগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
Published by:Manjumoni Borah
First published: