
কোৰোণাৰ লগতে নেউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছে কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ।
কোৰোণাৰ লগতে নেউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছে কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ।
কোৰোণাৰ লগতে নেউমোনিয়াত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছে কুকীলকণ্ঠী গায়িকা লতা মংগেশকাৰ। এসপ্তাহৰ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ খবৰ আহিছে। বৰ্তমান চিকিৎসকৰ এটা দলে তৎপৰতাৰে লতা মংগেশকাৰক সুস্থ কৰি তোলাৰ চেষ্টা কৰি আছে।
সেইসময়তে এজন চিকিৎসকে কৈছে যে, 'লতা জী এতিয়াও আইচিইউত আছে। ডাক্তৰে প্ৰতি মুহূৰ্ততে পৰ্যবেক্ষণ কৰি আছে। তেওঁ কোৰোণাৰ লগতে শেহতীয়াকৈ নেউমোনিয়াতো আক্ৰান্ত হৈছে। আৰু কিছুদিন ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব। এতিয়াই একো কথাই কব নোৱাৰি। তেওঁ সুস্থ হৈ উঠিবলৈ অনুৰাগীসকলে প্ৰাৰ্থনা কৰক।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|