ডাঃ প্ৰতীতে কয়, ‘গায়িকা লতা মংগেশকাৰ এতিয়াও আইচিইউ ৱাৰ্ডত আছে আৰু ১০–১২ দিনলৈ চিকিৎসকৰ নিৰীক্ষণত থাকিব। কিয়নো কোভিডৰ সৈতে তেওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে।’’
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar) কোৰোণাত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে। কোভিডৰ লগতে নিউমোনিয়াৰ সৈতে যুঁজি আছে গায়িকাগৰাকীয়ে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে। বৰ্তমান লতা মংগেশকাৰৰ স্বাস্থ্য কেনে সেয়া জানিবলৈ ব্যাকুল অনুৰাগীসকল। শেহতীয়াকৈ ব্ৰীচ কেণ্ডি হাস্পতালৰ এছ’চিয়েট প্ৰফেচাৰ আৰু মহান গায়িকাগৰাকীক চিকিৎসা আগবঢ়াই থকা ডাঃ প্ৰতীত সমদানীয়ে তেওঁৰ স্বাস্থ্যৰ আপডেট প্ৰকাশ কৰিছে।
লতা মংগেশকাৰৰ সৰু ভগ্নী ঊষা মংগেশকাৰে (Usha Mangeshkar) শেহতীয়াকৈ এই আশংকা প্ৰকাশ কৰিছিল যে তেওঁ শীঘ্ৰে হাস্পতালৰ পৰা ৰিলিজ নাপাব। এই খবৰ এতিয়া নিশ্চিত কৰিছে ডাঃ প্ৰতীত সমদানীয়ে। এএনআইৰ এটা টুইট অনুসৰি, ডাঃ প্ৰতীতে স্পষ্ট কৰি দিছে যে এতিয়া ১০–১২ দিন হাস্পতালত থাকিব লাগিব মহান গায়িকাগৰাকী।
ডাঃ প্ৰতীতে কয়, ‘গায়িকা লতা মংগেশকাৰ এতিয়াও আইচিইউ ৱাৰ্ডত আছে আৰু ১০–১২ দিনলৈ চিকিৎসকৰ নিৰীক্ষণত থাকিব। কিয়নো কোভিডৰ সৈতে তেওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে।’’
লতা মংগেশকাৰক ব্ৰীচ কেণ্ডী হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়াই আছে। তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। লতা মংগেশকাৰ বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছে যদিও এই খবৰ মঙলবাৰেহে পোহৰলৈ আহে। ডাঃ প্ৰতীত সমদানীয়ে কয় যে লতা মংগেশকাৰক শনিবাৰে অৰ্থাৎ ৮ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|