• Home
  • »
  • News
  • »
  • nation
  • »
  • মহান গায়িকা লতা মংগেশকাৰৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি

মহান গায়িকা লতা মংগেশকাৰৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লিখিছে, ‘লতা দিদি এগৰাকী অসাধাৰণ ব্যক্তি আছিল। তেওঁৰ দিব্য কণ্ঠই চিৰদিনলৈ শান্ত হৈ পৰিল। কিন্তু তেওঁৰ সুৰ অমৰ হৈ থাকিব। অনন্ত কাললৈ গুঞ্জৰিত হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতি মোৰ সমবেদনা।’

  • Share this:
ভাৰতীয় সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ লতা মংগেশকাৰৰ (Lata Mangeshkar Death) দেহাৱসানত সমগ্ৰ দেশত শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ কোকিলকণ্ঠী গায়িকাগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে লতাজীৰ দেহাৱসান তেওঁৰ লগতে বিশ্বৰ লাখ লাখ অনুৰাগীৰ বাবে হৃদয়বিদাৰক। উল্লেখযোগ্য যে আজি পুৱা মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। বিগত ২৮ দিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল গায়িকাগৰাকী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই। দয়ালু আৰু চোৱাচিতা কৰা দিদিয়ে আমাক এৰি গুচি গ’ল। তেওঁ আমাৰ দেশত এক শূন্যতা এৰি গ’ল যিটো পূৰ্ণ কৰিব পৰা নাযাব। পৰৱৰ্তী প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী মহান ব্যক্তি হিচাপে মনত ৰাখিব। যাৰ সুললিত কণ্ঠৰে মানুহক মন্ত্ৰমুগ্ধ কৰাৰ অদ্বিতীয় ক্ষমতা আছিল।’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এয়া মোৰ বাবে সন্মান যে মই সদায় লতা দিদিৰ পৰা খুব মৰম পাইছিলো। তেওঁৰ সৈতে মোৰ কথা–বতৰা অবিস্মৰণীয় হৈ ৰ’ব। তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিছো আৰু সমবেদনা জ্ঞাপন কৰিছো।’

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লিখিছে, ‘লতা দিদি এগৰাকী অসাধাৰণ ব্যক্তি আছিল। তেওঁৰ দিব্য কণ্ঠই চিৰদিনলৈ শান্ত হৈ পৰিল। কিন্তু তেওঁৰ সুৰ অমৰ হৈ থাকিব। অনন্ত কাললৈ গুঞ্জৰিত হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতি মোৰ সমবেদনা।’

গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, ‘সুৰ আৰু সংগীতৰ পূৰক লতা দিদিয়ে নিজৰ সুৰ সাধনা আৰু মন্ত্ৰমুগ্ধ কৰা বাণীৰে কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বত প্ৰতিটো প্ৰজন্মৰ জীৱনক ভাৰতীয় সংগীতৰ মধুৰতাৰে মহীয়ান কৰিছে। সংগীত জগতত তেওঁৰ অৱদান শব্দৰে প্ৰকাশ কৰা সম্ভৱ নহয়। তেওঁৰ দেহাৱসান মোৰ বাবে ব্যক্তিগত ক্ষতি।’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি