লতা মংগেশকাৰ (Lata Mangeshkar Death) আৰু আমাৰ মাজত নাই। দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে। কোকিলকণ্ঠী গায়িকাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশতে এতিয়া শোকৰ ছাঁ পৰিছে। বলীউদৰ লগতে ক্ৰিকেট জগততো শোকৰ ছাঁ পৰিছে লতা মংগেশকাৰৰ বিয়োগত। ক্ৰিকেটৰ প্ৰতি লতা মংগেশকাৰৰ আছিল অদ্ভুত প্ৰেম। সেয়া লাগিলে ১৯৮৩ৰ বিশ্বকাপ জয়ৰ পিছত ভাৰতীয় দলৰ স্পেচিয়েল কনচাৰ্ট কৰি পইচা গোটোৱাই হওক বা এম এছ ধোনীক সন্যাস নল’বলৈ কৰা আবেদনেই হওক। মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ সৈতেও লতা মংগেশকাৰৰ আছিল বিশেষ সম্পৰ্ক।
লতা মংগেশকাৰ বিগত ২৮ দিন ধৰি ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল। কিছুদিন পূৰ্বে তেওঁক আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল, কিন্তু কালি পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা হয়।
২০১৯ত এম এছ ধোনীক সন্যাসৰ বিষয়ে নাভাবিবলৈ অনুৰোধ কৰিছিল লতা মংগেশকাৰে। ২০১৯ৰ কথা, যেতিয়া ভাৰতে বিশ্বকাপৰ পৰা বাহিৰ হৈছিল, তাৰ পিছতে এম এছ ধোনীৰ সন্যাসৰ খবৰ ওলাইছিল।
![]()
১১ জুলাইত লতা মংগেশকাৰে টুইট কৰি ধোনীক সন্যাস নল’বলৈ অনুৰোধ জনায়। তেওঁ টুইট কৰি কৈছিল, ‘নমস্কাৰ ধোনীজী, আজিকালি মই শুনিবলৈ পাইছে যে আপুনি সন্যাস ল’ব বিচাৰিছে। অনুগ্ৰহ কৰি এই কথা নাভাৱিব, দেশক আপোনাৰ খেলৰ প্ৰয়োজন আৰু আছে আৰু এয়া মোৰো অনুৰোধ ে আপুনি সন্যাসৰ চিন্তা মনলৈ নানিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|