Lata Mangeshkar Death: সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ আজি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত দেহাৱসান ঘটে। কোৰোণাৰ সৈতে যুঁজি ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠী গায়িকাগৰাকীয়ে। বিগত ২৯ দিন ধৰি ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হৈ আছিল গায়িকাগৰাকী। আপুনি জানেনে লতা মংগেশকাৰে স্কুললৈ যোৱা নাছিল। এদিন স্কুললৈ যোৱাৰ পিছত আৰু যোৱা নাছিল। তেওঁ স্কুললৈ নোযোৱাৰ কেইবাটাও কাৰণ প্ৰকাশ পাইছে।
লতা মংগেশকাৰে ১৩ বছৰ বয়সতে পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পিছতে কাম কৰিবলৈ আৰম্ভ কৰিছিল লতাই। পৰিয়ালৰ জ্যেষ্ঠ কন্যা আছিল আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ পিছত নিজেই সেয়া চোৱাচিতা কৰিবলগীয়া হৈছিল। তেওঁ অভিনেত্ৰী হিচাপে কাম আৰম্ভ কৰিছিল আৰু পিছলৈ সেই বিশেষ স্থান অধিকাৰ কৰিছিল, যাৰ বাবে তেখেতক আমি এগৰাকী মহান গায়িকা হিচাপে জানো।
লতা মংগেশকাৰে স্কুললৈ কিয় যোৱা নাছিল, ইয়াৰ আছে এক কাহিনী। স্কুলৰ প্ৰথম দিনাই লতা মংগেশকাৰে শিশুসকলক গান শিকাই আছিল আৰু যেতিয়া শিক্ষকে সেয়া কৰিবলৈ বাধা দিছিল, তেতিয়াৰে পৰা লতা মংগেশকাৰে কেতিয়া স্কুললৈ যোৱা নাছিল। শৈশৱৰে পৰা গানৰ চখ আছিল লতা মংগেশকাৰৰ। আৰু সেয়া কৰিবলৈ শিক্ষকে বাধা দিয়াৰ বাবে খুব আঘাত পাইছিল।
লতা মংগেশকাৰে নিজৰ সৰু ভগ্নী আশা ভোছলেক কেতিয়াবা কেতিয়াবা স্কুললৈ লৈ গৈছিল। আৰু ইয়াৰ অনুমতি নাছিল। নিজৰ ভগ্নীক স্কুললৈ নিবলৈ দিয়া হোৱা নাছিল। তাৰ পিছতে লতা মংগেশকাৰে স্কুল এৰি দিছিল (iwmbuzz.comৰ খবৰ অনুসৰি)।
লতা মংগেশকাৰে স্কুললৈ নোযোৱাৰ কাৰণ যিয়েই নহওক, কিন্তু ডাঙৰ ডাঙৰ ডিগ্ৰীতকৈ অধিক সন্মান লাভ কৰিছে মহান গায়িকাগৰাকীয়ে। বিশ্বৰ ছখনকৈ বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰিছে ডক্টৰেড ডিগ্ৰী। নিজৰ সমগ্ৰ কেৰিয়াৰত বহু পুৰস্কাৰেৰে সন্মানিত হৈছে।