সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ দেহাৱসান (Lata Mangeshkar Death)। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰগৰাকীয়ে। আজি পুৱা মুম্বাই ব্ৰীচ কেণ্ডি হাস্পতালত তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰে। বিগত ২৮ দিন ধৰি হাস্পতালত ভৰ্তি হৈ আছিল কোকিলকণ্ঠী গায়িকাগৰাকী। কেইদিনমান পূৰ্বে স্বাস্থ্যৰ কিছু উন্নতি হৈছিল। কিন্তু শনিবাৰে পুনৰ তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছিল। চিকিৎসকৰ মতে মাল্টী অৰ্গেন ফেইলাৰৰ বাবে গায়িকাগৰাকীৰ দেহাৱসান ঘটে।
ব্ৰীচ কেণ্ডি হাস্পতালত লতা মংগেশকাৰৰ চিকিৎসা ডাঃ প্ৰতীক সমদানীৰ তত্বাৱধানত চলিছিল। তেওঁ কয়, ‘অত্যন্ত দুখৰ সৈতে জনাব বিচাৰো যে লতা মংগেশকাৰৰ দেহাৱসান আজি পুৱা ৮.১২ বজাত হয়। হাস্পতালত ভৰ্তি হোৱাৰ ২৮ দিনৰো অধিক সময়ৰ পিছত মাল্টী অৰ্গেন ফেইলাৰৰ বাবে তেওঁৰ দেহাৱসান ঘটে।’
উল্লেখযোগ্য যে বিগত মাহত লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছিল। কোৰোণাৰ সামান্য লক্ষণ আচিল। কিন্তু পিছত স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লয়।