মুখ্যপৃষ্ঠা »খবৰ »দেশ »Lata Mangeshkar (1929-2022): যেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে লতাৰ কণ্ঠত শুনিছিল এই গান, উচুপি উঠিছিল

Lata Mangeshkar (1929-2022): যেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে লতাৰ কণ্ঠত শুনিছিল এই গান, উচুপি উঠিছিল

Lata Mangeshkar (1929-2022):  নেহৰুৱে কৈছিল যে এই গানটোৰ দ্বাৰা এটা প্ৰকৃতেই ভাৰত সম্পূৰ্ণৰূপে অনুপ্ৰেৰিত হ'ব। লতাজীৰ কণ্ঠ এনেকুৱাই শক্তিশালী আৰু সুমধুৰ আছিল। 

  • Share this:
চীন-ভাৰত যুদ্ধ (Indo-China War)ৰ পিছত লিখা আৰু গোৱা হৈছিল সুমধুৰ দেশপ্ৰেমমূলক গীত 'এ মেৰে ৱতন কে লোগো' (Aye Mere Watan ke Logo) আৰু তেতিয়াৰ পৰা ই ভাৰতীয় জাতীয়তা (Indian nationalism) আৰু দেশপ্ৰেমৰ যেন প্ৰতীক হৈ পৰিছে। ১৯৬৩ চনৰ ২৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ড০ এছ ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিতিত লতা মংগেশকাৰে (Lata Mangeshkar) নেচনেল ষ্টেডিয়ামত গানটো প্ৰথম গাইছিল। গানটো গোৱাৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৰ চকু অশ্ৰুৰে ভৰি পৰিছিল।

এই বিখ্যাত গানটো প্ৰথমতে দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত চীন-ভাৰতৰ যুদ্ধত শ্বহীদসকলৰ বিধৱাসকলৰ বাবে পুঁজি সংগ্ৰহৰ বাবে চলচ্চিত্ৰ উদ্যোগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠআনত  পৰিৱেশন কৰা হৈছিল। গানটো চি ৰামচন্দ্ৰই ৰচনা কৰিছিল আৰু লতা মংগেশকাৰে গাইছিল। চাৰে ছয় মিনিটৰ গানটো গোৱাৰ লগে লগে পণ্ডিত জৱাহৰলাল নেহৰু (jawaharlal nehru)ৰ চকু দুটা সেমেকি উঠিছিল। নেহৰুৱে কৈছিল যে এই গানটোৰ দ্বাৰা এটা প্ৰকৃতেই ভাৰত সম্পূৰ্ণৰূপে অনুপ্ৰেৰিত হ'ব। লতাজীৰ কণ্ঠ এনেকুৱাই শক্তিশালী আৰু সুমধুৰ আছিল।

শেহতীয়া বাতৰি