জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

News18-Assam
Updated:November 12, 2019, 9:23 AM IST
জম্মু–কাশ্মীৰত ভাৰতীয় সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী
FILE PHOTO

চোৰাংচোৱা সূত্ৰই গান্দৰবলৰ কুল্লনত লস্কৰ–ই–তৈবাৰ ৫–৬ জনীয়া দল এটাই আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল।

  • Share this:
জম্মু–কাশ্মীৰৰ গান্দৰবলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুটা সন্ত্ৰাসবাদী। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত গান্দৰবলত অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। এই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

চোৰাংচোৱা সূত্ৰই গান্দৰবলৰ কুল্লনত লস্কৰ–ই–তৈবাৰ ৫–৬ জনীয়া দল এটাই আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতে নিৰাপত্তাৰক্ষীৰ দলে চলাইছিল অভিযান। অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰে নিৰাপত্তাৰক্ষীলৈ। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত নিহত হয় দুই সন্ত্ৰাসবাদী। অঞ্চলটোত আৰু ২–৩টা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading