অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, পাহাৰীয়া নৈৰ সোঁতে উটুৱাই নিলে ৰেষ্টুৰেণ্ট, বাসগৃহ

বিয়লি ৫ বজাত সংঘটিত হয় এই ভয়াৱহ ঘটনা

News18-Assam
Updated:July 8, 2019, 9:40 PM IST
অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, পাহাৰীয়া নৈৰ সোঁতে উটুৱাই নিলে ৰেষ্টুৰেণ্ট, বাসগৃহ
বিয়লি ৫ বজাত সংঘটিত হয় এই ভয়াৱহ ঘটনা
News18-Assam
Updated: July 8, 2019, 9:40 PM IST
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এটা কালভাৰ্ট, এখন ৰেষ্টুৰেণ্ট আৰু কেইবাটাও বাসগৃহ নিমিষতে উটুৱাই নিয়ে পাহাৰীয়া নৈৰ সোঁতে৷ এই ঘটনাত দুজন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে৷ বিয়লি ৫ বজাত সংঘটিত হয় এই ভয়াৱহ ঘটনা৷ চেঁচা আৰু ৰুপাৰ মাজত ৬৪ কিলোমিটাৰজোৰা পথত আৱদ্ধ হৈ পৰিছে শতাধিক যান-বাহন৷ আৱদ্ধ হৈ পৰিছে বহু বিদেশী পৰ্যটকো৷



জিলা প্ৰশাসনে উক্ত পথছোৱাৰে নিষিদ্ধ কৰিছে যান-বাহনৰ চলাচল৷
আৰু চাওক পৰৱৰ্তী বাতৰি