‘ভাল খবৰ’ৰ অপেক্ষাত দেশবাসী, নিশা ২বজাত বিচ্ছিন্ন ‘বিক্ৰম’ৰ সৈতে ISROৰ সংযোগ

জীৱনত উত্থান-পতন থাকেই, ভৱিষ্যতে সফল হ’ম বুলি বিজ্ঞানীসকলক কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

News18
Updated:September 7, 2019, 10:33 AM IST
‘ভাল খবৰ’ৰ অপেক্ষাত দেশবাসী, নিশা ২বজাত বিচ্ছিন্ন ‘বিক্ৰম’ৰ সৈতে ISROৰ সংযোগ
কে ছিভানক কৃতিত্বৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ।
News18
Updated: September 7, 2019, 10:33 AM IST
মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে চন্দ্ৰযান–২ৰে যোগাযোগ বিচ্ছিন্ন হয় ISROৰ। শেষ মুহূৰ্তত লেণ্ডাৰ বিক্ৰমেৰে ISROৰ যোগাযোগ বিচ্ছিন্ন হয়। নিৰ্ধাৰিত লক্ষ্যৰ ২.১ কিঃমিঃ দূৰত্বত থকাৰ সময়তে যোগাযোগ বিচ্ছিন্ন হয় লেণ্ডাৰ ‘বিক্ৰম’ৰে।  নিশা প্ৰায় ২বজাত ‘বিক্ৰম’ৰে যোগাযোগ বিচ্ছিন্ন হয় ISROৰ।
অৱশেষত ISROৰ অধ্যক্ষ কে সিৱানে আনুষ্ঠানিক ঘোষণা কৰে। লগতে জনায়
বিক্ৰমৰ সৈতে তথ্য অধ্যয়নৰ চেষ্টা অব্যাহত থাকিব। শেষ মুহূৰ্তৰ তথ্য বিশ্লেষণ কৰি আছে বিজ্ঞানীসকলে। লেণ্ডাৰ ‘বিক্ৰম’ৰ পৰা আহিবও পাৰে ভাল খবৰ।




ISROৰ বিজ্ঞানীসকলক উৎসাহ জনালে প্ৰধানমন্ত্ৰীয়ে। ইছৰ’ত সেই সময়ত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিজ্ঞানীলৈ শুভেচ্ছা জ্ঞাপন কৰে। বিজ্ঞানীসকলক ধৈৰ্য ধৰাৰ আহ্বান জনায় নৰেন্দ্ৰ মোদীয়ে। জীৱনত উত্থান-পতন থাকেই, ভৱিষ্যতে সফল হ’ম বুলি কয় নৰেন্দ্ৰ মোদীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি