বিগত কেইবাবছৰ ধৰি বৃক্কৰ অসুখ আৰু অন্যান্য ৰোগত ভুগি থকা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে এতিয়া নতুন জীৱন লাভ কৰিব। ছিংগাপুৰত থকা জীয়ৰী ৰোহিনী আচাৰ্যই তেওঁৰ এটা বৃক্ক পিতৃ লালুক দান কৰি পিতৃৰ জীৱন ৰক্ষা কৰিব বুলি লোৱা সিদ্ধান্ত সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
খবৰ অনুসৰি, অক্টোবৰ মাহত ছিংগাপুৰ ভ্ৰমণৰ সময়ত ছিংগাপুৰৰ চিকিৎসকে আৰজেডিৰ মুৰব্বীগৰাকীক কিডনী ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছতে ৰোহিনীয়ে নিজৰ এটা বৃক্ক পিতৃক দান কৰাৰ প্ৰস্তাৱ দিছে।
জানিব পৰা মতে, লালু প্ৰসাদে প্ৰথম অৱস্থাত ৰোহিনীক নিজৰ জীৱন ৰক্ষাৰ বাবে বৃক্ক দান কৰাৰ পক্ষত নাছিল যদিও তেওঁৰ হেঁচা আৰু পৰিয়ালৰ লোকৰ হেঁচাতহে সন্মতি প্ৰকাশ কৰে।
২০-২৪ নৱেম্বৰৰ ভিতৰত লালুৱে পুনৰ ছিংগাপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে আৰু সেইসময়ত তেওঁৰ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে অপাৰেচন হোৱাৰ সম্ভাৱনা আছে।
ছিংগাপুৰত বাস কৰা লালুৰ দ্বিতীয় কন্যা ৰোহিনী দেউতাকৰ কিডনীৰ অসুখক লৈ অত্যন্ত চিন্তিত হৈ পৰিছিল আৰু কিডনী ট্ৰান্সপ্লাণ্টেচনৰ পৰামৰ্শ দিয়া চিকিৎসকৰ দল এটাৰ পৰামৰ্শ ল’বলৈ লালু ছিংগাপুৰলৈ যোৱাত তেওঁৰেই গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
যোৱা কেইবাবছৰ ধৰি বৃক্কৰ সমস্যাৰ বাবে দিল্লী এইমছত চিকিৎসাধীন হৈ থকা লালুক এইমছৰ চিকিৎসকে কিডনী ট্ৰান্সপ্লাণ্টৰ পৰামৰ্শ নিদিছিল যদিও ছিংগাপুৰ ভ্ৰমণৰ সময়ত তাত থকা চিকিৎসকে পৰামৰ্শ দিছিল, কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে।
ছিংগাপুৰত থাকিলেও ৰোহিনীয়ে বিহাৰৰ ৰাজনৈতিক পৰিঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে আৰু সামাজিক মাধ্যমত নিজৰ ৰাজনৈতিক মতামত প্ৰকাশ আৰু বিৰোধীক আঘাত হানিবলৈ অতি সক্ৰিয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|