‘তেওঁলৈ মোৰ বৰকৈ মনত পৰিব’ অসুস্থ দেহাৰেই সুষমা স্বৰাজলৈ শেষ শ্ৰদ্ধাঞ্জলি লালকৃষ্ণ আদৱানীৰ

অসুস্থ দেহাৰাই সুষমা স্বৰাজক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দিল্লীস্থিত বাসগৃহত উপস্থিত হয় বিজেপিৰ পিতামহগৰাকী

News18-Assam
Updated:August 7, 2019, 5:48 PM IST
‘তেওঁলৈ মোৰ বৰকৈ মনত পৰিব’ অসুস্থ দেহাৰেই সুষমা স্বৰাজলৈ শেষ শ্ৰদ্ধাঞ্জলি লালকৃষ্ণ আদৱানীৰ
Source-Google
News18-Assam
Updated: August 7, 2019, 5:48 PM IST
‘সুষমা সকলো নাৰীৰ বাবেই আদৰ্শ। মোৰ আটাইতকৈ ঘনিষ্ঠ সুষমাৰ বিয়োগত মই মৰ্মাহত হৈ পৰিছো। তেওঁলৈ মোৰ বৰকৈ মনত পৰিব’ সুষমা স্বৰাজক শেষ শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰিল বিজেপিৰ পিতা মহ স্বৰূপ লালকৃষ্ণ আদৱানী। অসুস্থ দেহাৰাই বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দিল্লীস্থিত বাসগৃহত উপস্থিত হয় বিজেপিৰ পিতামহগৰাকী।



হৃদক্ৰিয়া বন্ধ হৈ যোৱানিশা শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। আজি পুৱা ৮ বজাৰ পৰা ১০.৩০ বজালৈ যন্তৰ–মন্তৰস্থিত বাসগৃহত অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হৈছিল সুষমা স্বৰাজৰ নশ্বৰদেহ। দুপৰীয়া ১২ বজাত স্বৰাজৰ নশ্বৰদেহ বিজেপিৰ কাৰ্যালয়লৈ অনা হয়। ২.৩০ বজালৈ বিজেপিৰ কাৰ্যালয়ত দলীয় নেতা–কৰ্মী তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাই সুষমা স্বৰাজক। কিছু সময়ৰ পিছতে লোধি ৰোড শৱদাহ গৃহত ৰাজকীয় সন্মানেৰে অন্তিম সৎকাৰ কৰা হ’ব সুষমা স্বৰাজৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি