বিহাৰৰ শাসকীয় দল জেডিইউ আৰু আৰজেডিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ। বৃহস্পতিবাৰে জেডিইউৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালন সিঙে আৰজেডিৰ চুপ্ৰিমো লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰে। ইয়াৰ পাছতেই লালন সিঙে ইংগিত দি কয় যে, তেওঁৰ দলে আৰজেডিৰ মিত্ৰশক্তিৰ জৰিয়তে ২০২৪ চনৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, নতুন দিল্লীত লালু প্ৰসাদক সাক্ষাৎ কৰাৰ পাছত লালন সিঙে ২০২৪ চনত কেন্দ্ৰত বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব বুলি দাবী কৰে। তেওঁ লগতে কয় যে, বিজেপিয়ে ২০১৯ চনত জয় লাভ কৰা বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগ এই তিনিখন ৰাজ্যৰ ৪০ খন আসন আগন্তুক লোকসভা নিৰ্বাচনত হেৰুৱাব। জানিব পৰা মতে, লালু যাদৱৰ স্বাস্থ্যৰ বিষয়ে খবৰ ল’বলৈ লালন সিঙে তেওঁক লগ ধৰিছিল আৰু ২০২৪ চনৰ নিৰ্বাচনত বিজেপি উৎখাত কৰিবৰ বাবে লালুৰ আশীৰ্বাদো বিচাৰিছিল।
মন কৰিবলগীয়া কথা যে, বিজেপিয়ে ২০১৯ চনত বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত মুঠ ৪৭ খন আসন লাভ কৰিছিল। লালন সিঙে কয় যে, জেডিইউ আৰু আৰজেডিৰ উপৰিও কংগ্ৰেছ আৰু বাওঁপন্থীৰে অন্তৰ্ভুক্ত বিহাৰৰ মহাজোট চৰকাৰ সুচাৰুৰূপে চলিব আৰু তেওঁলোকৰ মাজত ভাল সমন্বয় থাকিব।
তাৎপৰ্যপূৰ্ণভাৱে, বুধবাৰে ৰাজভৱনত বিহাৰৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰে য’ত নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয়। একে সময়তে, লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা আৰজেডিৰ শীৰ্ষ নেতা তেজস্বী যাদৱে দ্বিতীয়বাৰৰ বাবে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হয়। উল্লেখযোগ্য যে, মহাজোটৰ এই চৰকাৰখনত ৭টা দল আছে। নীতিশ চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ১৫ আগষ্টৰ পিছতহে কৰিব বুলি ইতিমধ্যে গম পোৱা গৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 12, 2022, 13:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|