• Home
  • »
  • News
  • »
  • nation
  • »
  • Lakhimpur Viral Video: উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ লোমহৰ্ষক ভিডিঅ' শ্বেয়াৰ প্ৰিয়ংকা গান্ধীৰ, সুস্মিতা দেবো উপস্থিত ঘটনাস্থলীত

Lakhimpur Viral Video: উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ লোমহৰ্ষক ভিডিঅ' শ্বেয়াৰ প্ৰিয়ংকা গান্ধীৰ, সুস্মিতা দেবো উপস্থিত ঘটনাস্থলীত

 চাৰিজন কৃষকৰ মৃত্যুৰ অভিযোগ প্ৰমাণ কৰিবলৈ সোমবাৰে নিশা মুকলি কৰিছিল ভিডিঅ'টো।

চাৰিজন কৃষকৰ মৃত্যুৰ অভিযোগ প্ৰমাণ কৰিবলৈ সোমবাৰে নিশা মুকলি কৰিছিল ভিডিঅ'টো।

চাৰিজন কৃষকৰ মৃত্যুৰ অভিযোগ প্ৰমাণ কৰিবলৈ সোমবাৰে নিশা মুকলি কৰিছিল ভিডিঅ'টো।

  • Share this:

উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত ঘটনাক লৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইটযোগে শ্বেয়াৰ কৰা এটা ভিডিঅ'ই এই ঘটনাৰ সত্যাসত্য পোহৰলৈ আনিছে। সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ'টোত কংগ্ৰেছে চাৰিজন কৃষকৰ মৃত্যুৰ অভিযোগ প্ৰমাণ কৰিবলৈ সোমবাৰে নিশা মুকলি কৰিছিল।


ৰাস্তাৰ মাজেৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰেৰে গাড়ী চলাই যোৱাৰ দৃশ্য প্ৰকাশ পাইছে ভিডিঅ'টোত। কৃষক আন্দোলনৰ সৈতে জড়িত চাৰিজন কৃষকে আন আন্দোলনকাৰীৰ সৈতে দেওবাৰে লখিমপুৰৰ ৰাজপথ ঘেৰি ধৰিছিল। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আকাশ মিশ্ৰাই সেই সময়ত তেওঁলোকৰ ওপৰত গাড়ী চলাইছিল বুলি অভিযোগ কৰা হৈছিল।





নতুনকৈ মুকলি কৰা ২৯ ছেকেণ্ডৰ ভিডিঅ'টো সঁচাকৈয়ে লোমহৰ্ষক আছিল। অৱশ্যে এই সংক্ৰান্তত গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰই কয়, "মোৰ পুত্ৰৰ এই ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। মোৰ ড্ৰাইভাৰে গাড়ী চলাই আছিল।'' মিশ্ৰই অভিযোগ কৰা মতে ৩জন বিজেপি কৰ্মী আৰু চালকক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল।


উল্লেখ্য লখিমপুৰ অঞ্চলত কেন্দ্ৰীয় আইন বাতিলক লৈ বাৰে বাৰে হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত আজিলৈকে মুঠ ৮জন লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত লখিমপুৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে। সোমবাৰে তাত উপস্থিত হোৱাৰ সময়ত আৰক্ষীয়ে কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী আৰু সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱক গ্ৰেপ্তাৰ কৰিছিল। আজি পশ্চিম বংগৰ আন কেইবাগৰাকী সাংসদৰ সৈতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবো উপস্থিত হয় উত্তৰ প্ৰদেশত।


শেহতীয়া খবৰ মতে, এই ঘটনাত মৃত্যুমুখত পৰা গুৰবিন্দৰ সিঙৰ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। পূৰ্বৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ কিছু অভিযোগ উত্থাপনৰ পিছত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিব কৃষকগৰাকীৰ।

Published by:Gautam Barman
First published: