উত্তৰ প্ৰদেশৰ খেৰিত ৯জনকৈ লোকৰ মৃত্যুক লৈ অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰা আৰু ১৩ জন লোকৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদী সমাৰোহত হিংসাত্মক পৰিস্থিতিত কেইবাজনো লোকৰ হত্যাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিংসাত্মক পৰিস্থিতিত মুঠ ৯জনকৈ লোকে প্ৰাণ হেৰুৱাৰ পিছত কেইবাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতা য’ত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, বহুজন সমাজ পাৰ্টীৰ জেনেৰেল চেক্ৰেটাৰী সতীশ চন্দ্ৰ মিশ্ৰা আদিক দেওবাৰৰ পৰা গৃহবন্দী কৰি ৰখা হৈছে।
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২(হত্যা), ১২০ বি (অপৰাধজনিত ষড়যন্ত্ৰ) আৰু ১৪৭ (সংঘৰ্ষ) ৰ অধীনত খেৰি হিংসাৰ তদন্ত কৰিছে।
ভাৰতীয় কিষাণ ইউনিয়ন নেতা ৰাকেশ টিকাইটে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ সন্মুখত চাৰিটা প্ৰধান দাবী তুলি ধৰিছে। প্ৰথমটো কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰা টেনীক মন্ত্ৰীমণ্ডলৰ পৰা নিলম্বিত কৰিব লাগে। তেওঁৰ পুত্ৰ আশীষ মিশ্ৰাক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। লগতে মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ আৰু এজনকৈ আত্মীয়ক চৰকাৰী চাকৰি দিবা লাগে।
আনহাতে এই হিংসাত্মক ঘটনাৰ পিছত লখিমপুৰ খেৰিলৈ যাত্ৰা কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক দেওবাৰে সন্ধিয়া সীতাপুৰত আৰক্ষীয়ে বাধা প্ৰদান কৰে।
বৃহত্ সংখ্যক আৰক্ষী–প্ৰশাসনৰ লোকে প্ৰিয়ংকা গান্ধীক ইটাওঞ্জা টলৰ ওচৰত আগ বঢ়াত বাধা প্ৰদান কৰে। প্ৰশাসনে টল বেৰিয়াৰৰ সকলো লাইনত ট্ৰাক ৰখাই প্ৰিয়ংকা গান্ধীৰ বাবে বাট বন্ধ কৰে। হাৰগাওঁত গান্ধীক জিম্মাত লোৱা হয়।
উল্লেখ্য যে, লখিমপুৰৰ খেৰিত উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ আগমনৰ সময়ত কৃষকৰ প্ৰতিবাদৰ মাজতে সংঘটিত হিংসাত্মক ঘটনাত ৮জনকৈ লোকে প্ৰাণ হেৰুৱায়। আনুষ্ঠানিক বিবৃতিত প্ৰকাশ।
ক্ষুব্ধ কৃষকসকলে দুখনকৈ SUV বাহন জ্বলাই দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|