• Home
  • »
  • News
  • »
  • nation
  • »
  • Lakhimpur Kheri Violence : উত্তৰ প্ৰদেশৰ লখিমপুৰত হিংসাত্মক ঘটনা, ৯জনৰ মৃত্যু, ঘটনাত জড়িত ২৪জনক চিনাক্ত

Lakhimpur Kheri Violence : উত্তৰ প্ৰদেশৰ লখিমপুৰত হিংসাত্মক ঘটনা, ৯জনৰ মৃত্যু, ঘটনাত জড়িত ২৪জনক চিনাক্ত

আৰক্ষীয়ে এই ঘটনাৰ পিছত ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ২৪জনক চিনাক্ত কৰিছে। লগতে আৰক্ষীয়ে ৭জনক জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে এই ঘটনাৰ পিছত ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ২৪জনক চিনাক্ত কৰিছে। লগতে আৰক্ষীয়ে ৭জনক জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে এই ঘটনাৰ পিছত ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ২৪জনক চিনাক্ত কৰিছে। লগতে আৰক্ষীয়ে ৭জনক জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে।

  • Share this:
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত (Lakhimpur Kheri) দেওবাৰে সন্ধিয়া কৃষক আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰৰ সমৰ্থকৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত কৰিব এছটিএফে। জানিব পৰা মতে, এছটিএফে সোমবাৰে সন্ধিয়াৰ পৰা তদন্ত আৰম্ভ কৰিব। আনহাতে, আৰক্ষীয়ে এই ঘটনাৰ পিছত ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ২৪জনক চিনাক্ত কৰিছে। লগতে আৰক্ষীয়ে ৭জনক জিম্মাত লৈ সোধা–পোছা অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে সম্পূৰ্ণ ঘটনাত আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰসহ ১৪জন লোকৰ বিৰুদ্ধে হত্যা, অপৰাধজনিক ষড়যন্ত্ৰ আৰু উচতনিসহ কেইবাটাও ধাৰাত এফআইআৰ দাখিল কৰিছে। অৱশ্যে এতিয়ালৈকে এই ঘটনাত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

আনহাতে, লখিমপুৰ জিলা প্ৰশাসন আৰু কৃষকৰ মাজত বৈঠক অব্যাহত আছে। কৃষকৰ দাবী, অজয় মিশ্ৰক মন্ত্ৰীপদৰ পৰা আঁতৰ কৰা হওক। আনহাতে তেওঁৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰক। ইয়াৰ উপৰি মৃতকৰ পৰিয়ালক এক কোটিকৈ ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰো দাবী তোলে কৃষকে।

উল্লেখযোগ্য যে এই হিংসাত্মক ঘটনাত এজন সাংবাদিক আরু চাৰিজন কৃষকসহ এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হৈছে। এই ঘটনাই মগ্ৰ দেশ জোকাৰি গৈছে।
Published by:Sanjay Kumar Das
First published: