পুডুচেৰীৰ চিষ্টাৰ পি নিবেদে প্ৰধানমন্ত্ৰীক ভাৰত বায়’টেকত নিৰ্মাণ কৰা কোভাক্সিন প্ৰয়োগ কৰিছিল। “ছাৰ (প্ৰধানমন্ত্ৰী মোদী)ক ভাৰত বায়’টেকৰ কোভাক্সিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে, দ্বিতীয় পালি ২৮ দিনত দিয়া হ'ব। তেওঁ আমাক সুধিছিল যে আমি কোন চহৰৰ পৰা আহিছো। টিকাকৰণৰ পিছত তেওঁ কয়, 'লগাই ল’লো, কিন্তু গমেই নাপালো।" – সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীক কোভাক্সিন টিকা দিয়া চিষ্টাৰ পি নিবেদাই কয়।
প্ৰধানমন্ত্ৰীয়ে প্ৰথম পালি লোৱাৰ পিছত ডিঙিত এখন অসমীয়া গামোচা লৈ থকা ফটো শ্বেয়াৰ কৰে। মোদীয়ে পোষ্ট কৰা ছবিখনত নিবেদ আৰু কেৰালাৰ এগৰাকী নাৰ্ছক দেখা যায়।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় "এইমছত মই কোভিড-১৯ৰ ভেকচিনৰ প্ৰথম পালি ল’লো। আমাৰ চিকিৎসক আৰু বিজ্ঞানী সকলে কোভিড-১৯ৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজ শক্তিশালী কৰিবলৈ কম সময়ত দ্ৰুতভাৱে কেনেদৰে কাম কৰিছে সেয়া অবিস্মৰণীয়। মই এই টিকা লোৱাৰ বাবে যোগ্য সকলো লোকক ভেকচিনটো ল’বলৈ আহ্বান জনাইছো। একেলগে, আমি ভাৰতক কোভিড-১৯ মুক্ত কৰোঁ আহক!"
ভাৰতে আজি ইয়াৰ টিকাকৰণ কাৰ্যসূচী সম্প্ৰসাৰিত কৰিছে। ৬০ বছৰ বয়সতকৈ অধিক লোক আৰু ৪৫ বছৰতকৈ অধিক আৰু অসুস্থ লোকক দ্বিতীয় পৰ্যায়ত টিকাকৰণত অন্তৰ্ভুক্ত কৰিব।
সোমবাৰে পুৱা ৯ বজাত কো-উইন ২.০ পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে। নাগৰিকসকলে কো-উইন ২.0 পৰ্টেল ব্যৱহাৰ কৰি বা আৰোগ্য সেতুৰ দৰে অন্যান্য তথ্য প্ৰযুক্তি এপ্লিকেচনৰ জৰিয়তে যিকোনো সময়তে আৰু যিকোনো স্থানত টিকাকৰণৰ বাবে এটা এপইনমেণ্ট পঞ্জীয়ন আৰু বুক কৰিব পাৰে। যোগ্য ব্যক্তিসকলে এক পদক্ষেপ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ ম'বাইল নম্বৰৰ জৰিয়তে কো-উইন২.০ পৰ্টেলত পঞ্জীয়ন কৰিবলৈ সক্ষম হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|