মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»লেডী সিংঘম! যান–বাহন আইন উলংঘাকাৰী উদণ্ড যুৱকক খেদি খেদি ধৰিলে এইগৰাকী মহিলা আৰক্ষী বিষয়াই

লেডী সিংঘম! যান–বাহন আইন উলংঘাকাৰী উদণ্ড যুৱকক খেদি খেদি ধৰিলে এইগৰাকী মহিলা আৰক্ষী বিষয়াই

News18 Assam | News18-Assam
Updated:September 14, 2021, 10:24 AM IST
লেডী সিংঘম! যান–বাহন আইন উলংঘাকাৰী উদণ্ড যুৱকক খেদি খেদি ধৰিলে এইগৰাকী মহিলা আৰক্ষী বিষয়াই
যুৱকজনৰ এই তুচ্ছ-তাচ্ছিল্যক সহ্য কৰিব পৰা নাছিল মহিলা আৰক্ষী বিষয়া আকাংক্ষা যোশীয়ে।

যুৱকজনৰ এই তুচ্ছ-তাচ্ছিল্যক সহ্য কৰিব পৰা নাছিল মহিলা আৰক্ষী বিষয়া আকাংক্ষা যোশীয়ে।

  • News18 Assam
  • Last Updated: September 14, 2021, 10:24 AM IST
  • Share this:
যান–বাহন আইন ভংগ কৰি ৰাজপথত উদ্ভণ্ডালি কৰা এজন যুৱকক যান–বাহন আৰক্ষীয়ে ধৰি ৫০০ টকাৰ চালান কাটিলে। পিছে চালানৰ ধন দিয়াৰ সময়তে হঠাৎ নিজৰ গাড়ীখন লৈ তীব্ৰবেগত পলায়ন কৰিলে যুৱকজনে আৰু যোৱাৰ সময়ত যান–বাহন মহিলা আৰক্ষীৰ বিষয়াগৰাকীক কৈ গ'ল "সাহস আছে যদি মোক ধৰি দেখুৱাওক।"

আৰক্ষীও কম নহয়। ঘটনা সংঘটিত কৰাৰ ৫দিনৰ পিছত পুনৰ যুৱকজন পৰিল আৰক্ষীৰ জালত আৰু এইবাৰ আৰক্ষীৰ বেষ্টনীৰ পৰা পলোৱাৰ সুযোগ নাপালে ৰাজপথত প্ৰত্যাহ্বান জনোৱা যুৱকজনে। মহিলা আৰক্ষীৰ বিষয়া গৰাকীয়ে যুৱকজনক আটক কৰি আদায় কৰিলে দুগুণ জৰিমনা।

ঘটনাটো মধ্য প্ৰদেশৰ ভূপালৰ। ৮ ছেপ্টেম্বৰত ভূপাল চহৰত তীব্ৰ বেগত গাড়ী চলাই যান-বাহন আইন উলংঘা কৰিছিল ৰজনীশ তিৱাৰী নামৰ এজন যুৱকে। ইণ্ডিগো বাহনত অহা যুৱকজনক মহিলা উপ-পৰিদৰ্শক আকাংক্ষা যোশীয়ে ৰ'বলৈ নিৰ্দেশ দিয়ে। আকাংক্ষাই যুৱকজনে যান–বাহন আইন উলংঘা কৰাৰ বাবে ৫০০ টকাৰ জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে।কিন্তু জৰিমনাৰ ৰছিদ দিবলৈ লোৱাৰ সময়তে হঠাৎ যুৱকজনৰ তীব্ৰবেগত গাড়ী চলাই সেই স্থানৰ পৰা পলায়ন কৰে আৰু লগতে মহিলা আৰক্ষী বিষয়াগৰাকীক চিঞৰি চিঞৰি তাচ্ছিল্য কৰি কৈ যায়, "বাইদেউ দম আছে যদি মোক ধৰি দেখুৱাওক।"

যুৱকজনৰ এই তুচ্ছ-তাচ্ছিল্যক সহ্য কৰিব পৰা নাছিল মহিলা আৰক্ষী বিষয়া আকাংক্ষা যোশীয়ে। অৱশেষত ১৩ ছেপ্টেম্বৰৰ আবেলি আকাংক্ষাই লাভ কৰিলে সেই সুযোগ। পুনৰ ৰাজপথত তীব্ৰ বেগত গাড়ী চলাই অহা ৰাজনীশক প্ৰত্যক্ষ কৰিলে আকাংক্ষাই। লগে লগে আকাংক্ষাই আৰক্ষীৰ জীপ লৈ খেদি খেদি ৰাজপথৰ মাজত আটক কৰিলে ৰাজনীশ নামৰ যুৱকজনক।

পিছে এইবাৰ জৰিমনাৰ পৰিমাণ দুগুণ হ'ল। পূৰ্বৰ জৰিমনাৰ সৈতে বৰ্তমানৰ জৰিমনা যোগ দি সৰ্বমুঠ ১০০০ টকাৰ জৰিমণা আদায় কৰিলে আকাংক্ষাই। লগতে ৰাজনীশ নামৰ যুৱকজনক মহিলা আৰক্ষীক কেতিয়াও দুৰ্বল বুলি গণ্য নকৰিবলৈকো সকীয়াই দিলে। এই ঘটনাটোৱে বৰ্তমান সমগ্ৰ ভাৰতৰে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। সকলোৱে আকাংক্ষাৰ সাহস আৰু ধৈৰ্য্যক প্ৰশংসাৰে উপচাই পেলাইছে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 10:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি