• Home
  • »
  • News
  • »
  • nation
  • »
  • মানুহৰূপী দানৱৰ জঘন্য কাণ্ড, মুখ বান্ধি ধৰ্ষণ কৰিলে এজনী কুকুৰক

মানুহৰূপী দানৱৰ জঘন্য কাণ্ড, মুখ বান্ধি ধৰ্ষণ কৰিলে এজনী কুকুৰক

কুকুৰ ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত শোঙনাথ সৰোজ বৰ্তমান পলাতক অৱস্থাত আছে

কুকুৰ ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত শোঙনাথ সৰোজ বৰ্তমান পলাতক অৱস্থাত আছে

কুকুৰ ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত শোঙনাথ সৰোজ বৰ্তমান পলাতক অৱস্থাত আছে

  • Share this:
কি পৰ্যায়লৈ অনৱমিত হৈছে এচাম মানুহৰ চৰিত্ৰ! সমগ্ৰ মানৱ জাতিক লজ্জানত কৰা এক ঘটনা। মুম্বাইৰ মুলান্দ অঞ্চলত সংঘটিত হৈছে জঘন্য ঘটনা। ৩০ বছৰীয়া এজন বনুৱাই কাৰ পাৰ্কিঙত হাত ভৰি মুখ বান্ধি ধৰ্ষণ কৰিলে এজনী কুকুৰক। যোৱা বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। পাৰ্কিঙৰ এটা কোঠাৰ ভিতৰত ধৰ্ষণ কৰে কুকুৰজনীক।

পিছত ধৰ্ষণৰ বলি হোৱা কুকুৰজনীয়ে যন্ত্ৰণাত চিঞৰি থকা শুনা পাই পাৰ্কিঙৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী কোঠাটোলৈ সোমাই যায় আৰু কুকুৰজনীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰে। লগে লগে কেইজনমান প্ৰকৃতিপ্ৰেমীৰ সহযোগত কুকুৰজনীক স্থানীয় এখন পশু চিকিত্‍সালয়লৈ লৈ যায়। আৰু পৰীক্ষাৰ অন্তত কুকুৰজনী ধৰ্ষণৰ বলি হোৱা বুলি প্ৰামণিত হয়।

কুকুৰ ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত শোঙনাথ সৰোজ বৰ্তমান পলাতক অৱস্থাত আছে।

এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত অ’ম ফাউণ্ডেশ্যন নামৰ এটা এন জি অ’ৰ সদস্য ব্ৰীজ ভাঞ্চালীয়ে কয় যে, ‘বৃহস্পতিবাৰে দুপৰীয়া, মই এটা ফোন কল লাভ কৰো মুম্বাইৰ মুলান্দ অঞ্চলৰ পৰা। আৰু মোক জনাই যে, এজনী মাইকী বগা কুকুৰক ধৰ্ষণ কৰা হৈছে পাৰ্কিঙৰ এটি সৰু কোঠাত। লগে লগে মই ঘটনাস্থলী নোপোৱাৰ আগতেই তেওঁলোকক আৰক্ষীৰ জৰুৰী সেৱাত ফোন কৰিবলৈ কও।’
Published by:Himangshu Bhuyan
First published: