• Home
  • »
  • News
  • »
  • nation
  • »
  • KVS Admission 2022: কেন্দ্ৰীয় বিদ্যালয়ত এতিয়াৰ পৰা নাথাকিব সাংসদৰ নামত আৰক্ষণ (MP Quota); KVSয়ে ইতিমধ্যে সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰিছে পত্ৰ 

KVS Admission 2022: কেন্দ্ৰীয় বিদ্যালয়ত এতিয়াৰ পৰা নাথাকিব সাংসদৰ নামত আৰক্ষণ (MP Quota); KVSয়ে ইতিমধ্যে সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰিছে পত্ৰ 

ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে যোৱা ১২এপ্ৰিল তাৰিখে দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে 

ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে যোৱা ১২এপ্ৰিল তাৰিখে দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে 

ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে যোৱা ১২এপ্ৰিল তাৰিখে দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে 

  • Share this:
কেন্দ্ৰীয় বিদ্যালয় সংগঠনে বন্ধ কৰিছে বিশেষ ব্যৱস্থাৰ (Special Provision) যোগেদি নামভৰ্তি । এই বিশেষ ব্যৱস্থাৰ যোগেদি এজন সাংসদে প্ৰতি বছৰে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ১০জন প্রাৰ্থীৰ নাম প্ৰেৰণ কৰাৰ ক্ষমতা আছিল । সাংসদসকলৰ সেই ক্ষমতা কৰ্তন কৰা হৈছে ।

ইতিমধ্যে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে যোৱা ১২এপ্ৰিল তাৰিখে দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকৰ উদ্ধৃতি দি News18.comত উল্লেখ কৰা মতে পত্ৰখনত কোৱা হৈছে যে – কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে সকলো বিদ্যালয়ক জনোৱা যায় যে এই শিক্ষাবৰ্ষত বিশেষ ব্যৱস্থাৰ অধীনত কোনো ধৰণৰ নামভৰ্তি নহ’ব। পৰৱৰ্তী নিৰ্দেশ পর্যন্ত এই নির্দেশ কাৰ্যকৰী হ’ব ।

নাম প্ৰকাশত অনিচ্ছুক সংগঠনৰ এজন উচ্চ পদস্থ বিষয়াই জনোৱা মতে, অতি সম্প্ৰতি কেন্দ্ৰীয় বিদ্যালয়সমূহত জেনেৰেল শাখাত নামভৰ্তি চলি আছে । উল্লেখযোগ্য যে কেন্দ্ৰীয় বিদ্যালয়ত সাংসদৰ কাৰণে আৰক্ষণৰ বাদেও আন ১৫-১৬ ধৰণৰ বিশেষ আৰক্ষণ আছে । বিষয়াজনে জনোৱা মতে. সাময়িকভাৱেহে এই প্ৰক্ৰিয়া বন্ধ কৰা হৈছে ।

২০১১ চনৰ পূৰ্বে এটা শিক্ষাবৰ্ষত এজন সাংসদে দুজনক নামভৰ্তিৰ কাৰণে প্ৰেৰণ কৰিব পাৰিছিল। সেইয়া বাঢ়ি-বাঢ়ি ২০১৬বৰ্ষত ১০জন হৈছিল (MPs can recommend 10 children ) । বিহাৰৰ পৰা বিজেপিৰ সাংসদ সুশীল মোদীয়ে সংসদৰ মজিয়াত এই ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছিল । আগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে এটা শিক্ষাবৰ্ষত ৪৫০জন প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰাৰ ব্যৱস্থা আছিল । ধর্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা এই ব্যৱস্থা প্ৰত্যাহাৰ কৰিছিল ।
Published by:Gautam Barman
First published: