• Home
  • »
  • News
  • »
  • nation
  • »
  • অন্ধবিশ্বাসৰ বাবেই প্ৰাণ গ’ল কণমানিৰ! ভূত খেদাৰ নামত তান্ত্ৰিকে কৰা মাৰপিটত প্ৰাণবায়ু উৰি গ’ল ৪ বছৰীয়া শিশুৰ

অন্ধবিশ্বাসৰ বাবেই প্ৰাণ গ’ল কণমানিৰ! ভূত খেদাৰ নামত তান্ত্ৰিকে কৰা মাৰপিটত প্ৰাণবায়ু উৰি গ’ল ৪ বছৰীয়া শিশুৰ

অত্যন্ত গৰীৱ পৰিয়ালটোৰ বিপদ ইমানতে অন্ত পৰা নাছিল। তান্ত্ৰিকৰ হাতত ৪ বছৰীয়া পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ অভাৱত কন্যাৰো মৃত্যু হয়।

অত্যন্ত গৰীৱ পৰিয়ালটোৰ বিপদ ইমানতে অন্ত পৰা নাছিল। তান্ত্ৰিকৰ হাতত ৪ বছৰীয়া পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ অভাৱত কন্যাৰো মৃত্যু হয়।

অত্যন্ত গৰীৱ পৰিয়ালটোৰ বিপদ ইমানতে অন্ত পৰা নাছিল। তান্ত্ৰিকৰ হাতত ৪ বছৰীয়া পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ অভাৱত কন্যাৰো মৃত্যু হয়।

  • Share this:


উত্তৰ প্ৰদেশৰ কুশীনগৰ জনপদৰ পডৰৌনা কোতৱালী অঞ্চলৰ জৰাৰ গাঁৱত এজন তান্ত্ৰিকে ভূত খেদাৰ নামত এটি কণমানিক বেয়াকৈ মাৰপিট কৰাৰ ফলত শিশুটিৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, অসুস্থ হৈ থকা শিশুটি সুস্থ কৰাৰ নামত তান্ত্ৰিকে শিশুটিক জোতাৰে প্ৰহাৰ কৰে। ইমানেই নহয়, শিশুটিৰ মুখত জোতা সুমুৱাই দিয়ে তান্ত্ৰিকে। তান্ত্ৰিকৰ অকথ্য অত্যাচাৰত এটা সময়ত প্ৰাণবায়ু উৰি যায় কণমানি শিশুটিৰ।

অত্যন্ত গৰীৱ পৰিয়ালটোৰ বিপদ ইমানতে অন্ত পৰা নাছিল। তান্ত্ৰিকৰ হাতত ৪ বছৰীয়া পুত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ অভাৱত কন্যাৰো মৃত্যু হয়। একেলগে দুটি সন্তানৰ মৃত্যুত ভাগি পৰিছে পৰিয়ালটো। সন্তানক সমাধিস্থ কৰাৰ বাবেও পৰিয়ালটোৰ হাতত নাছিল পইচা। গাঁওবাসীয়ে পইচা তুলি অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰে।

পডৰৌনা কোতৱালীৰ জৰাৰ গাঁৱৰ বাসিন্দা ওম প্ৰকাশ ৰাজভৰৰ ৪ বছৰীয়া সন্তানটি কিছুদিন ধৰি জ্বৰ আৰু বমিত আক্ৰান্ত হৈছিল। পৰিয়ালটোৱে কোনো চিকিৎসকৰ দ্বাৰা চিকিৎসাও কৰোৱাইছিল। কিন্তু সুস্থ হৈ উঠা নাছিল শিশুটি। শিশুটিৰ স্বাস্থ্য অধিক অৱনতি ঘটাত গাঁৱৰ এগৰাকী মহিলাই জৰা–ফুকাৰে শিশুটি সুস্থ কৰিব পৰা যাব বুলি দাবী কৰে। মহিলাগৰাকীৰ কথা শুনি পৰিয়ালটোৱে এই কথাত সন্মতি প্ৰকাশ কৰে। সেইমতে মহিলাগৰাকীয়ে বিহাৰৰ পৰা এক তান্ত্ৰিক দম্পতীক মাতি আনে আৰু জৰা–ফুকা আৰম্ভ কৰে সেই দম্পতীয়ে।

জৰা–ফুকাৰ ফলত শিশুটিৰ অৱস্থা অধিক বেয়া হ’বলৈ ধৰে যদিও চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে কেইবাঘণ্টা ধৰি জৰা–ফুকা অব্যাহত ৰাখে। ভূত খেদাৰ নামত কণমানি শিশুটিক জোতাৰে প্ৰহাৰ কৰাৰ লগতে মুখত জোতা সুমুৱাই দিয়া হয়। এই অত্যাচাৰত অৱশেষত মৃত্যু হয় শিশুটিৰ।

Published by:Sanjay Kumar Das
First published: