বিমানৰ ভিতৰত অৰ্ণৱ গোস্বামীক অভব্য আচৰণ কমেডিয়ান কুণাল কামৰাৰ! চাওক Video

News18 Assam | News18-Assam
Updated:January 29, 2020, 11:33 AM IST
বিমানৰ ভিতৰত অৰ্ণৱ গোস্বামীক অভব্য আচৰণ কমেডিয়ান কুণাল কামৰাৰ! চাওক Video
অৰ্ণৱ গোস্বামীয়ে কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ বহি আছিল বিমানত। কাণত হেডফোন লগাই নিজৰ লেপটপ চোৱাত ব্যস্ত আছিল অৰ্ণৱ গোস্বামী।

অৰ্ণৱ গোস্বামীয়ে কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ বহি আছিল বিমানত। কাণত হেডফোন লগাই নিজৰ লেপটপ চোৱাত ব্যস্ত আছিল অৰ্ণৱ গোস্বামী।

  • Share this:
ইণ্ডিগ’ বিমানত দেশৰ প্ৰখ্যাত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ এডিটৰ–ইন–চীফ অৰ্ণৱ গোস্বামীক অভৱ্য আচৰণৰ অভিযোগ ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাৰ বিৰুদ্ধে। মুম্বাইৰ পৰা লক্ষ্ণৌ অভিমুখী বিমানত অৰ্ণৱ গোস্বামীৰ সৈতে এই অভৱ্য আচৰণ কৰে কমেডিয়ানজনে।

কামৰাই টুইটাৰত পোষ্ট কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত অৰ্ণৱ গোস্বামীক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰা দেখা গৈছে কামৰাক। কিন্তু অৰ্ণৱ গোস্বামীয়ে কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ বহি আছিল বিমানত। কাণত হেডফোন লগাই নিজৰ লেপটপ চোৱাত ব্যস্ত আছিল অৰ্ণৱ গোস্বামী। ভিডিঅ’টোত কামৰাই অৰ্ণৱ গোস্বমীক ‘ভয়াতুৰ’, ‘ৰাষ্ট্ৰবাদী’ আদি বিভিন্ন শব্দৰে ব্যতিব্যস্ত কৰা দেখা গৈছে।

চাওক কুণাল কামৰাৰ সেই ভিডিঅ’টো :



এই ঘটনাৰ পিছতে ইণ্ডিগ’ই কুণাল কামৰাক ৬ মাহৰ বাবে নিষিদ্ধ কৰে।

বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়েও কামৰাৰ ব্যৱহাৰক নিন্দা কৰি আন বিমানতো কুণাল কামৰাক নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছে।

আনহাতে, এয়াৰ ইণ্ডিয়ায়ো নিষিদ্ধ কৰিছে কমেডিয়ানজনক। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ইণ্ডিগ’ৰ লগতে এয়াৰ বিমানতো যাত্ৰা কৰিব নোৱাৰিব ষ্টেণ্ডআপ কমেডিয়ানজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি