কৰ-নাটক! সংখ্যালঘূ হ’ল কৰ্ণাটকৰ কুমাৰস্বামী চৰকাৰ, বিজেপিৰ লগত বহুমত!

যদিহে নিৰ্দলীয় বিধায়ক নাগেশে বিজেপিৰ হাতত ধৰে তেনেহ’লে বিজেপিৰ শক্তি ১০৬জনলৈ বৃদ্ধি পাব আৰু গেৰুৱা দলটো সংখ্যাগৰিষ্ঠ হৈ পৰিব।

News18-Assam
Updated:July 8, 2019, 4:48 PM IST
কৰ-নাটক! সংখ্যালঘূ হ’ল কৰ্ণাটকৰ কুমাৰস্বামী চৰকাৰ, বিজেপিৰ লগত বহুমত!
যদিহে নিৰ্দলীয় বিধায়ক নাগেশে বিজেপিৰ হাতত ধৰে তেনেহ’লে বিজেপিৰ শক্তি ১০৬জনলৈ বৃদ্ধি পাব আৰু গেৰুৱা দলটো সংখ্যাগৰিষ্ঠ হৈ পৰিব।
News18-Assam
Updated: July 8, 2019, 4:48 PM IST
২০১৮ বৰ্ষৰ মে’ মাহত কংগ্ৰেছ আৰু জেডিএছৰ জোঁটবন্ধনেৰে গঠন কৰা কৰ্ণাটক চৰকাৰ এতিয়া গভীৰ ৰাজনৈতিক সংকটত। কৰ্ণাটক বিধানসভা নিৰ্বাচনত সকলোতকে কম আসন জয় কৰাৰ পিছতো কংগ্ৰেছে জেডিএছৰ এইচডি কুমাৰস্বামীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান এই কুমাৰস্বামী চৰকাৰ সংখ্যালঘূ হৈ পৰিছে। বিগত দুটা দিন ধৰি গৰম হৈ পৰিছে কৰ্ণাটকৰ ৰাজনৈতিক নাটক। কংগ্ৰেছৰ ১০জন আৰু জেডিএছৰ ৩জন বিধায়কে পদত্যাগ কৰিছে। কেৱল ইমানেই নহয় চৰকাৰৰ সৈতে চামিল হোৱা এজন নিৰ্দলীয় বিধায়কেও চৰকাৰৰ সংগ ত্যাগ কৰিছে। বৰ্তমান সমীকৰণ এনে হৈ পৰিছে যে কৰ্ণাটক বিধানসভাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

কৰ্ণাটক বিধানসভাত মুঠ ২২৫জন সদস্য আছে, ইয়াৰে এজন সদস্য মনোনীত। ২০১৮চনৰ মে’ মাহত প্ৰথম ২২২খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বাকী দুখন আসনৰ বাবে পৰৱৰ্তী সময়ত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনী ফলাফলত বিজেপিয়ে মুঠ ১০৫খন আসন লাভ কৰিছিল আনহাতে এজন নিৰ্দলীয় বিধায়ক চামিল হোৱাৰ পিছত কংগ্ৰেছ ৮০জন বিধায়ক সহ দ্বিতীয় সৰ্ববৃহৎ দল ৰূপে পৰিগণিত হয়।

নিৰ্বাচনত জেডিএছৰ আসনৰ সংখ্য ৩৭খন আছিল। চৰকাৰে এজন নিৰ্দলীয় আৰু এজন বিএছপি বিধায়কৰ সমৰ্থনো লাভ কৰে। এনেদৰে কংগ্ৰেছ–জেডিএছ জোঁটবন্ধনৰ চৰকাৰ (কংগ্ৰেছ ৭৯+জেডিএছ ৩৭+নিৰ্দলীয় ১+বিএছপি ১=১১৮) চলি আছিল। শেহতীয়াকৈ নিৰ্দলীয় বিধায়ক নাগেশেও কুমাৰস্বামী চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

কৰ্ণাটকত এতিয়া কি ৰাজনৈতিক সমীকৰণ?

কৰ্ণাটকত এতিয়া কংগ্ৰেছৰ ১০জন আৰু জেডিএচৰ ৩বিধায়কে পদত্যাগ কৰিছে। এই ১৩জন বিধায়কৰ পদত্যাগৰ পিছত বিধানসভাৰ শক্তি ২২৪ৰ পৰা নামি ২১১জন হৈছে। ইয়াৰে এখন আসন অধ্যক্ষৰ। এই অনুসৰি বিধানসভাৰ গণিত ২১০জনৰ সৈতে হ’ব আৰু ক্ষমতা ধৰি ৰাখিবলৈ ১০৬জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। বিজেপিৰ হাতত ইতিমধ্যেই ১০৫জন বিধায়ক আছে। এনে প্ৰেক্ষাপটতত যদিহে নিৰ্দলীয় বিধায়ক নাগেশে বিজেপিক সমৰ্থন দিয়ে তেনেহ’লে গেৰুৱা দলটোৱে বহুমতৰ সংখ্যা লাভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি