ভাৰতৰ বৃহৎ কূটনৈতিক জয়, কুলভূষণ যাদৱৰ ফাঁচীৰ ৰায় স্থগিত

News18-Assam
Updated:July 17, 2019, 7:39 PM IST
ভাৰতৰ বৃহৎ কূটনৈতিক জয়, কুলভূষণ যাদৱৰ ফাঁচীৰ ৰায় স্থগিত
ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফাঁচীৰ ৰায় দিছিল পাক আদালতে।

ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফাঁচীৰ ৰায় দিছিল পাক আদালতে।

  • Share this:
ভাৰতৰ বৃহৎ কূটনৈতিক জয়। আন্তঃৰাষ্ট্ৰীয় আদালতে স্থগিত ৰাখিলে কুলভূষণ যাদৱৰ ফাঁচীৰ ৰায়। ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফাঁচীৰ ৰায় দিছিল পাক আদালতে। আজি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আদালতে ঐতিহাসিক ৰায়যোগে কুলভূষণৰ ফাঁচী স্থগিত ৰাখে আৰু এই সন্দৰ্ভত পাকিস্তানক অধিক বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। পাকিস্তানৰ ফাঁচীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হৈছিল ভাৰত চৰকাৰ। কুলভূষণ যাদৱ ভাৰতীয় নৌ–সেনাৰ প্ৰাক্তন বিষয়া। ২০১৬ চনৰ ৩ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ যাদৱ। বেলুচিস্তানত গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানী সেনাই ভাৰতীয় নৌ–সেনাৰ প্ৰাক্তন বিষয়াগৰাকীক। চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ।২০১৭ চনত কুলভূষণক দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়। এই ৰায়ত হস্তক্ষেপ কৰিছিল আন্তৰ্জাতিক আদালতে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ICJৰ সিদ্ধান্তক ভাৰতৰ বৃহৎ জয় বুলি মন্তব্য কৰে।

 


আৰু চাওক
পৰৱৰ্তী বাতৰি