মৰ্মান্তিক! নাতিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ৰে'লৰ আগত জাপ দিলে কোৰোণাত আক্ৰান্ত ককাক-আইতাকে

News18 Assam | News18-Assam
Updated:May 3, 2021, 4:22 PM IST
মৰ্মান্তিক! নাতিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ৰে'লৰ আগত জাপ দিলে কোৰোণাত আক্ৰান্ত ককাক-আইতাকে
Fear of covid-19 : কোৰোণা পজিটিভ বৃদ্ধ দম্পতীৰ চৰম পন্থা । নাতিক কোভিড সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰে'লৰ সন্মুখত জঁপিয়াই কৰিলে আত্মহত্যা।

Fear of covid-19 : কোৰোণা পজিটিভ বৃদ্ধ দম্পতীৰ চৰম পন্থা । নাতিক কোভিড সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰে'লৰ সন্মুখত জঁপিয়াই কৰিলে আত্মহত্যা।

  • Share this:
দেশত কোৰোণা কালৰ এই জটিল সময়ৰ মাজতে প্ৰশিক্ষণৰ চহৰ কোটাত সংঘটিত হৈছে এক দুখজনক ঘটনা। নাতিক কোভিড সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰে'লৰ সন্মুখত জঁপিয়াই নিজৰ জীৱন শেষ কৰিলে চহৰখনৰ কোৰোণাত আক্ৰান্ত বৃদ্ধ  দম্পত্তিয়ে।  যি খবৰ বিয়পি পৰাৰ লগে লগেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ লগতে হতবাক হৈ পৰে বৃদ্ধ দম্পত্তিটোৰ পৰিয়ালৰ লোকসকল।

ঘটনাৰ সন্দৰ্ভত কোটাৰ উপ আৰক্ষী অধীক্ষক ভাগৱত সিং হিঙ্গাদেয়ে কয় যে, দেওবাৰে সংঘটিত হয় এই ঘটনা। ৰে'ল ক'লনী অঞ্চলৰ পুৰোহিতজীৰ তাপৰিৰ বাসিন্দা হীৰালাল বৈৰাভা (৭৫) আৰু তেওঁৰ পত্নী শান্তি বৈৰাভা (৭৫) এদিন পূৰ্বে কোভিড পজিটিভৰূপে চিনাক্ত হৈছিল। ইয়াৰ পিছতে দুয়ো তীব্ৰ মানসিক চাপত আছিল আৰু তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছিল । কিন্তু তেওঁলোকৰ পৰা যাতে নাতি ৰোহিতৰ দেহলৈ কোৰোণা সংক্ৰমিত নহয় এই বিষয়ক লৈ দুয়ো অতি চিন্তিত হৈ পৰিছিল।

তাৰ পিছতেই দেওবাৰে দুয়ো পৰিয়ালক অৱগত নকৰাকৈয়ে ঘৰৰ পৰা ওলাই গৈছিল আৰু কোটাৰ পৰা দিল্লী অভিমুখী ৰে'লৱে ট্ৰেকত উপস্থিত হৈছিল। শেষত দুয়ো ৰেলখনৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে ৰে'লৱে কলনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বৃদ্ধ দম্পত্তিটোৰ মৃতদেহ এমবিএছ চিকিৎসালয়ৰ শৱগৃলৈ লৈ যায়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে, দম্পত্তিটোৱে ৮ বছৰ পূৰ্বে তেওঁলোকৰ সৰু পুত্ৰক হেৰুৱাইছিল। আৰু এনে পৰিস্থিতিৰ মাজত তেওঁলোকে নিজৰ নাতি-নাতিনীক হেৰুৱাব বিচৰা নাছিল। যদিও আৰক্ষীয়ে এই সম্পৰ্কত আৰু অধিক তদন্ত অব্যহত ৰাখিছে ।

লক্ষ্যণীয় যে, ৰাজস্থানৰ আটাইতকৈ সংক্ৰমিত চহৰসমূহৰ ভিতৰত আছে কোটা । য'ত কোৰোণাৰ পৰিস্থিতি অতি বিপদজনক হৈ পৰিছে আৰু কোটা মহানগৰৰ চিকিৎসালয়সমূহ কোৰোণা সংক্ৰমিত ৰোগীৰে ভৰি পৰিছে
Published by: Himangshu Bhuyan
First published: May 3, 2021, 4:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি