টুইটাৰৰ সৈতে মত বিৰোধ! আৰু সেইসময়তে আগবঢ়িছে ভাৰতীয় এপ koo! সংস্থাই জনাইছে যে, দেশৰ বিনিয়োগকাৰীয়ে kooত বিনিয়োগ কৰিব বিচাৰিছে। এই koo টুইটাৰৰ প্ৰতিদ্বন্দী হ'ব পাৰে। আৰু সেইদৰেই টাইগাৰ গ্লোবেল ৰাউণ্ডৰ মাধ্যমত 'koo'-এ ৩০ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। যি ভাৰতীয় মূল্যত ২১৮ কোটি টকা। এই বিনিয়োগত kooৰ সৈতে জড়িত হৈছে Accel Partners, Kalaari Capital, Blume Ventures, Dream Incubatorৰ দৰে সংস্থা। তাৰ লগতে যোগ দিছে IIFl ও MIrae Assets।
'koo'-ত কেইদিনমানৰ ভিতৰতে ৬০ লাখ ইউজাৰ্চ হৈছেগৈ। যি সঁচাকৈয়ে আশাৰ খবৰ। সকলোধৰণৰ আইটি নিয়ম চলিছে 'koo'-এ। আৰু নিশ্চিত হৈ মানুহে তথ্যৰ আদান প্ৰদান কৰিব পাৰিব।
'koo'-ৰ ফাউণ্ডাৰ, চিইও ৰাধাকৃষ্ণই জনাইছে যে, 'আমাৰ লগত এটা আকৰ্ষণীয় প্লেন আছে। ভৱিষ্যতে 'koo'-হব সকলোতকৈ ডাঙৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম। সমগ্ৰ দেশৰ মানুহে 'koo'-ৰ বাবে গৰ্ব অনুভৱ কৰিব। সকলোৰে কাষ চাপিব 'koo'। আৰু ই একেবাৰেই সপক্ষিত হৈ থাকিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|