পশ্চিমবংগত শোকাৱহ দুৰ্ঘটনা, নিহত কোকৰাঝাৰৰ একে পৰিয়ালৰে ৪ সদস্য

News18-Assam
Updated:July 29, 2019, 3:07 PM IST
পশ্চিমবংগত শোকাৱহ দুৰ্ঘটনা, নিহত কোকৰাঝাৰৰ একে পৰিয়ালৰে ৪ সদস্য
পশ্চিমবংগৰ আলিপুৰদুৱাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা

পশ্চিমবংগৰ আলিপুৰদুৱাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা

  • Share this:
পশ্চিমবংগৰ আলিপুৰদুৱাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত কৰুণ ভাৱে মৃত্যুক সাৱটি লৈছে কোকৰাঝাৰৰ একে পৰিয়ালৰ ৪ সদস্যই। সোমবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে পৰিয়ালটোৰ ব্যক্তিগত বাহনখন। দুৰ্ঘটনাত থিতাতে নিহত হয় কোকৰাঝাৰৰ ৰাজকুমাৰ ৰয় সহ পৰিয়ালটোৰ চাৰিগৰাকী লোক।



প্ৰাণ গ’ল ৰাজকুমাৰ ৰয়ৰ কন্যা সুস্মিতা ৰয়ৰো। থিতাতে নিহত হয় বাহনখনত থকা ৰাজকুমাৰ ৰয়ৰ পিতৃ যোগেশ ৰয় আৰু মাতৃ প্ৰমিলা ৰয়ৰ। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় ৰাজকুমাৰ ৰয়ৰ পত্নীসহ দুটি শিশু। আহত তিনিওগৰাকীকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। উল্লেখযোগ্য যে নিজ বাহনেৰে বাবাধামৰ পৰা ঘৰলৈ আহি আছিল পৰিয়ালটো।
First published: July 29, 2019, 3:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading