এদিনৰ বাবে আৰক্ষী আয়ুক্ত হ’ল দ্বাদশ শ্ৰেণীত ৯৯.২৫ শতাংশ নম্বৰ লাভ কৰা এইগৰাকী যুৱতী

দেশৰ ভিতৰত তৃতীয় স্থান প্ৰাপক কলকাতাৰ ছাত্ৰী ৰিচা সিঙক সন্মানিত কৰিলে আৰক্ষী বিভাগে। ৰিচাক এদিনৰ বাবে কলকাতা আৰক্ষীৰ দক্ষিণ–পূব বিভাগৰ উপ–আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰিলে।

Dulu Medhi | news18assam
Updated:May 9, 2019, 2:59 PM IST
এদিনৰ বাবে আৰক্ষী আয়ুক্ত হ’ল দ্বাদশ শ্ৰেণীত ৯৯.২৫ শতাংশ নম্বৰ লাভ কৰা এইগৰাকী যুৱতী
ৰিচা সিং
Dulu Medhi | news18assam
Updated: May 9, 2019, 2:59 PM IST
দেশজুৰি এতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা হৈ আছে। প্ৰতিদিনে এখন এখন ৰাজ্যই পৰীক্ষাৰ ফলাফল ঘোষণা কৰি আছে। কিছুদিন পূৰ্বে ISC বোৰ্ডৰ ফলাফল ঘোষণা হ’ল। এই পৰীক্ষাত দেশৰ ভিতৰত তৃতীয় স্থান লাভ কৰা কলকাতাৰ ছাত্ৰী ৰিচা সিঙক সন্মানিত কৰিলে আৰক্ষী বিভাগে। পৰীক্ষাত সুন্দৰ প্ৰদৰ্শন দেখুওৱাৰ বাবে আৰক্ষী বিভাগে ছাত্ৰীগৰাকীক এদিনৰ বাবে দক্ষিণ–পূব মণ্ডলৰ DC ৰূপে সন্মানিত কৰিলে।

তথ্য অনুযায়ী গৰিয়াহাট আৰক্ষী চকীৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ সিঙৰ কন্যা ৰিচা সিঙে টালীগঞ্জস্থিত জিডি বিৰলা চেণ্টাৰ ফৰ এডুকেচনৰ পৰা ISC বোৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফল ঘোষণা হোৱাৰ পিছত সকলোৰে সন্মুখলৈ আহিলে যে ৰিচা ৩টা বিষয়ত ৯৯.২৫ শতাংশ লাভ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ এই সফলতাৰ পিছত কলকাতা আৰক্ষীৰ দক্ষিণ–পূব মণ্ডলৰ তৰফৰ পৰ শুভকামনা যাচিলে। লগতে ৰিচাক এদিনৰ বাবে দক্ষিণ–পূব মণ্ডলৰ উপ–আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰিলে। আৰক্ষীৰ বিষয়াই ছাত্ৰীগৰাকীক তাইৰ দায়িত্বসমূহো বুজাই দিলে।

ইয়াৰ পিছত অঞ্চলটোৰ সম্বন্ধিত আৰক্ষী চকীসমূহৰ পৰা প্ৰতিগৰাকী OC–এ নৱাগত উপ–আয়ুক্তগৰাকীক ফোনেৰে ৰিপ’ৰ্ট দিয়ে। এদিনৰ বাবে হোৱা DC গৰাকীয়ে বহুকেইটা ফাইলত চহীও কৰিলে। বিষয়াসকলেও ৰিচাক মেডাম বুলিয়ে সম্বোধন কৰিলে। এইসমূহৰ মাজতে ৰিচাই ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা সাক্ষাৎকাৰত ক’লে যে তেওঁ বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে আৰু এই পথতে আগবাঢ়ি যাব বিচাৰে। উল্লেখযোগ্য যে, এইবাৰৰ ISC বোৰ্ডৰ ফলাফল বিগত বৰ্ষতকৈ অধিক উন্নত। আৰু এই বছৰটোত ছাত্ৰতকৈ ছাত্ৰীসকলৰ ফলাফল যথেষ্ট সলাগলবলগীয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি