বিমানত হঠাৎ শ শ মৌ–মাখিৰ খুন্দা! কলকাতা বিমানবন্দৰত অভাৱনীয় ঘটনা, চাওক VIDEO

কলকাতা বিমানবন্দৰত বিমানত মৌ–মাখিৰ খুন্দাৰ কাৰণে বিমানখনৰ উৰণতো যথেষ্ট পলম হয়। সোমবাৰে আবেলি চাৰি বজাত এই ঘটনা সংঘটিত হয়।
কলকাতা বিমানবন্দৰত বিমানত মৌ–মাখিৰ খুন্দাৰ কাৰণে বিমানখনৰ উৰণতো যথেষ্ট পলম হয়। সোমবাৰে আবেলি চাৰি বজাত এই ঘটনা সংঘটিত হয়।
- News18 Assam
- Last Updated: December 1, 2020, 12:32 PM IST
কলকাতা বিমানবন্দৰৰ বিমানৰ গাত মৌ–মাখিৰ খুন্দাৰ ফলত বিমানখনৰ উৰণত যথেষ্ট পলম হয়। সোমবাৰে বিয়লি চাৰিটা বজাত সংঘটিত হয় এই ঘটনা। বিমানখন উৰাৰ কথা আছিল সন্ধিয়া ৫বজাত। কিন্তু সেয়া শেষপৰ্যন্ত নহয়গৈ। প্ৰায় এঘণ্টা পিছতহে বিমানখন গন্তব্য স্থানলৈ যায়। ছচিয়েল মিডিয়াত ঘটনাৰ ভিডিও যোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। শ–শ মৌ–মাখি একে সময়তে উৰি সকলোকে চমকাই তোলে। মৌ–মাখি খেদিবলৈ অৱশেষত দমকলৰ গাড়ী ব্যৱহাৰ কৰিব লগীয়া হয়। উচ্চ ক্ষমতাসম্পন্ন পানীৰ জেট ব্যৱহাৰ কৰি বিমানৰ পৰা মৌ–মাখিৰ জাকটো এৰুৱাই দমকল বাহিনীয়ে।
Looks like honey pancakes inside 🧇
Kolkata yesterday. @airvistara 🛫 pic.twitter.com/Pu7ydGt8bY
— Tarun Shukla (@shukla_tarun) November 30, 2020