নোটৰ ওপৰত লক্ষ্মীৰ ফটো ছপা কৰাৰ পৰামৰ্শ! ভাৰতীয় টকাত ক’ৰ পৰা আহিল গান্ধীজীৰ ছবি?

News18 Assam | News18-Assam
Updated:January 16, 2020, 2:19 PM IST
নোটৰ ওপৰত লক্ষ্মীৰ ফটো ছপা কৰাৰ পৰামৰ্শ! ভাৰতীয় টকাত ক’ৰ পৰা আহিল গান্ধীজীৰ ছবি?
নোটত সততে দেখা জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি ক’ৰ পৰা আহিল? জানো আহক। 

নোটত সততে দেখা জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি ক’ৰ পৰা আহিল? জানো আহক। 

  • Share this:
অৰ্থব্যৱস্থাৰ লেহেমীয়া গতিক লৈ দেশত আলোচনা দুৰ্বাৰ। ইয়াৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা সাংসদ সুব্ৰমনিয়াম স্বামীয়ে ভাৰতীয় নোটৰ ওপৰত লক্ষ্মীৰ ফটো ছপা কৰাৰ পৰামৰ্শ দি বিভিন্নজনৰ ককৰ্থনা আৰু বিদ্ৰুপৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে চৰ্চালৈ অহা ভাৰতীয় নোটৰ ওপৰত গান্ধীৰ ফটো ক’ৰ পৰা আহিল আপুনি জানেনে?

এই ছবিখন তেতিয়া তোলা হৈছিল যেতিয়া গান্ধীজীয়ে সেইসময়ৰ বাৰ্মা (ম্যানমাৰ) আৰু ভাৰতত ব্ৰিটিশ ছেক্ৰেটাৰী ৰূপে কৰ্মৰত ফ্ৰেডেৰিক পেথিক লৰেন্সৰ সৈতে কলকতা স্থিত ভাইচৰয় হাউছত সাক্ষাৎ কৰিছিল। এই ছবিৰ গান্ধীজীৰ চেহেৰা পট্ৰেইট ৰূপত ভাৰতীয় টকাৰ ওপৰত অংকিত কৰা হৈছিল।

টকা ছপা কৰাৰ নিয়ম কি?

বৰ্তমান ১টকা আৰু ২টকীয়া নোট প্ৰচলিত নহয়। ১টকীয়া নোট ১৯৯৪চনৰ পৰা ছপা বন্ধ কৰা হৈছিল আৰু ইয়াৰ ঠাইত মুদ্ৰাৰ প্ৰচলন আছে। বৰ্তমান আকৌ এই নোটৰ ছপা আৰম্ভ হৈছে। যেতিয়া এটকীয়া নোটৰ প্ৰচলন আছিল সেই সময়ত ৰিজাৰ্ভ বেংকৰ গভৰ্নৰৰ স্থানত ফাইনেন্স ছেক্ৰেটাৰী (বিত্ত সচিব)ৰ হস্তাক্ষৰ অংকিত হৈছিল? কাৰেন্সী অৱ অৰ্ডিনেন্সৰ নিয়ম অনুসৰি এটকীয়া নোট ভাৰত চৰকাৰ আৰু দুটকাৰ অধিক মূল্য নোট ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা জাৰি কৰা হয়। বৰ্তমান দুটকীয়া নোটৰ ছপা বন্ধ হ’লেও পুৰণি নোট প্ৰচলিত হৈ আছে।

নোটৰ ওপৰত একালত ছপা কৰা হৈছিল কিংগ জৰ্জৰ ছবি

ভাৰতীয় টকা ১৯৫৭চনলৈকে ১৬অনাৰ হিচাপত আছিল। ইয়াৰ পিছত মুদ্ৰাৰ দশমিক প্ৰণালী গ্ৰহণ কৰা হয় আৰু এটকাৰ নিৰ্মাণ ১০০পইচাৰে কৰা হয়। কিংগ জৰ্জৰ ছবি থকা নোট ১৯৪৯লৈকে প্ৰচলিত হৈ আছিল। ইয়াৰ পিছত অশোক স্তম্ভৰ ছবি আহিল। মহাত্মা গান্ধী থকা কাগজৰ নোটৰ প্ৰচলন ১৯৯৬চনত আৰম্ভ হয় আৰু এয়া বৰ্তমানেও প্ৰচলিত।

অৰ্থাৎ আজি আমি ভাৰতীয় টকা যি ৰূপত দেখা পাইছো সেয়া ১৯৯৬চনত হৈছিল। ইয়াৰ পূৰ্বে অশোক স্তম্ভৰ ছবি ছপা কৰা হৈছিল। ১৯৯৬চনত ৰিজাৰ্ভ বেংকে অশোক স্তম্ভৰ সলনি জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি সংলগ্ন কৰি অশোক স্তম্ভৰ ফটো নোটৰ বাওঁফালে তলত অংকিত কৰিবলৈ লয়।

৫টকাৰ পৰা ২হাজাৰ টকাৰ প্ৰতিখন নোটত গান্ধীজীৰ ছবি আছে। ইয়াৰ পূৰ্বে ১৯৮৭চনত প্ৰথমবাৰ ৫০০টকীয়া নোট প্ৰচলিত হোৱাৰ সময়ত গান্ধীজীৰ ৱাটাৰমাৰ্ক ব্যৱহাৰ কৰা হৈছিল। ১৯৯৬চনৰ পৰা প্ৰতিখন নোটত গান্ধীজীৰ ছবি অংকিত কৰা হৈ আহিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি