বাহনৰ সকলো নথি থকাৰ পিছতো এনেকুৱা কথাতে যান–বাহন আৰক্ষীয়ে কাটিব পাৰে চালান

নতুন যান–বাহন আইনত এনেকুৱা বহু জৰিমনাৰ ব্যৱস্থা আছে যিসমূহৰ কথা শুনিলে আপোনাৰ বিশ্বাসেই নহ’ব। উদাহৰণস্বৰূপে, যদি জেব্ৰা ক্ৰচিং পাৰ কৰোতে কি হ’ব? ফুটপাথত গাড়ী উঠাই দিলে কিমান টকাৰ জৰিমনা হ’ব পাৰে? আনকি ভুলকৈ অভাৰ টেক আৰু গাড়ীত ৱাইপাৰ নাথাকিলেও আপুনি জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। 

News18
Updated:September 18, 2019, 4:42 PM IST
বাহনৰ সকলো নথি থকাৰ পিছতো এনেকুৱা কথাতে যান–বাহন আৰক্ষীয়ে কাটিব পাৰে চালান
নতুন যান–বাহন আইনত এনেকুৱা বহু জৰিমনাৰ ব্যৱস্থা আছে যিসমূহৰ কথা শুনিলে আপোনাৰ বিশ্বাসেই নহ’ব। উদাহৰণস্বৰূপে, যদি জেব্ৰা ক্ৰচিং পাৰ কৰোতে কি হ’ব? ফুটপাথত গাড়ী উঠাই দিলে কিমান টকাৰ জৰিমনা হ’ব পাৰে? আনকি ভুলকৈ অভাৰ টেক আৰু গাড়ীত ৱাইপাৰ নাথাকিলেও আপুনি জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। 
News18
Updated: September 18, 2019, 4:42 PM IST
হয়তো আপুনি ভাবি আছে যে আপোনাৰ ওচৰত বাহনৰ সকলো কাগজ–পত্ৰ আছে আৰু আপুনি নিৰাপদ। কিন্তু ৰাজপথেৰে অহা–যোৱা কৰোতে আপুনি এনেকুৱা বহুতো ভুল কৰিব পাৰে য’ত আপুনি গম নোপোৱাকৈ জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

আমি সকলোৱে এতিয়ালৈকে কাগজ–পত্ৰ নথকা বা স্পীডত গাড়ী চলোৱা অথবা চিগনেল নমনাৰ কাৰণে ট্ৰেফিকৰ জৰিমনাৰ কথা শুনিছো। আমি এয়াও জানো যে বিনা হেলমেটত বা ছীট বেল্ট নলগাই গাড়ী চলালে মোটা জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। কিন্তু এনেকুৱা কিছু জৰিমনাও আছে য’ত আপুনি নাজানে কিন্তু এইসমূহৰ বিষয়ে জনাটো দৰকাৰ।

জেব্ৰা ক্ৰচিঙত গাড়ী থিয় নকৰিব

চিগনেলত ৰেড লাইট জ্বলিলে বহুসময়ত মানুহে অমনোযোগিতাৰে নিজৰ গাড়ী জেব্ৰা ক্ৰচিঙৰ ওপৰত উঠোৱা দেখা যায়। চিগনেলৰ অলপ আগত কিছু লাইনযুক্ত পথ থাকে। বগা ৰঙেৰে অঁকা এই পথক জেব্ৰা ক্ৰচিং কয়। ৰেড লাইটৰ ওচৰত থকা এই ক্ৰচিং খোজ কাঢ়ি যোৱা মানুহৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ৰেড লাইট জ্বলি থকাৰ সময়ত যদিহে আপুনি সামান্যভাৱেও নিজৰ বাহন জেব্ৰা ক্ৰচিঙৰ ওপৰত লৈ আহে বা তাত গাড়ী ৰখাই দিয়ে তেনেহ’লে সেয়া যান–বাহন আইনৰ উলংঘন বুলি ধৰা হয়। আপোনাৰ এই কামে খোজ কাঢ়ি যোৱা মানুহক অসুবিধাত পেলাব পাৰে। সেইকাৰণে গাড়ী সদায় চিগনেলত ৰঙা লাইট জ্বলিলে জেব্ৰা ক্ৰচিঙৰ পিছত ৰখাব। জেব্ৰা ক্ৰচিঙত গাড়ী ৰখালে আপোনাক জৰিমনা বিহা হ’ব।

কিমান এই জৰিমনা?

যদি আপুনি জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ী ৰখাইছে তেনেহ’লে নতুন যান–বাহন আইন অনুসৰি আপুনি কমেও ১০০টকা জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। কিন্তু যদিহে আপুনি ভালেখিনি আগুৱাই জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ী ৰখাইছে তেনেহ’লে আপুনি অতি বিপজ্জনকভাৱে গাড়ী চলাইছে বুলি ধৰি লোৱা হয় আৰু আপোনাৰ ওপৰত বহুধৰনৰ পেণাল্টি লাগিব পাৰে। ইয়াত বিপজ্জনক গাড়ী চালনাৰ নিয়মো প্ৰয়োগ হয়। বিদেশত বাহন চালকসকলে নিজৰ গাড়ী জেব্ৰা ক্ৰচিঙৰ ভালেখিনি পিছফালে থিয় কৰায়। এনেকুৱা নকৰিলে মোটা জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। ইংলেণ্ডত জেব্ৰা ক্ৰচিঙৰ জৰিমনা ১০০ পাউণ্ড অৰ্থাৎ প্ৰায় ৮হাজাৰ টকা।

যিসমূহ জৰিমনাৰ বিষয়ে আপুনি নাজানে

যদি আপুনি সঠিক ঠাইত হৰ্ণ ব্যৱহাৰ নকৰে বা আপোনাৰ গাড়ীত হৰ্ণ নাই তেনেহ’লে আপুনি ১০০টকালৈকে জৰিমনা ভৰিব লগীয়া হ’ব পাৰে।

যদি আপুনি হৰ্ণ বেছিকৈ বজাইছে আৰু অনাৱশ্যক ধৰণে বজাইছে তেতিয়াও আপুনি জৰিমনা ভৰিব লাগিব। ইয়াৰ পৰিমানো ১০০টকা।

যদি আপুনি গাড়ী ফুটপাথৰ ওপৰত চলাইছে তেনেহ’লে কমেও ১০০টকা জৰিমনা ভৰিব লাগিব। লগতে যদিহে আপুনি বিপজ্জনকভাৱে ফুটপাথৰ ওপৰত গাড়ী চলাইছে তেনেহ’লে মোটা জৰিমনা ভৰিবৰ কাৰণে প্ৰস্তুত থাকক।

অভাৰটেক কৰিলেও সাৱধান! বিপজ্জনকভাৱে অভাৰটেক বা ভুল দিশেৰে অভাৰটেক কৰিলে আপুনি জৰিমনা ভৰিব লাগিব। এই জৰিমনা ১০০টকা।

গাড়ীত ৰেডিঅ’ বা সংগীত শুনাও লোকচানৰ কাৰণ হ’ব পাৰে! যদিহে আপুনি গাড়ীত উচ্চ স্বৰত ৰেডিঅ’ত বজাই বা সংগীত শুনি গৈছে তেতিয়াও আপুনি যান বাহন আইন উলংঘা কৰিছে। আপুনি ১০০টকা জৰিমনা ভৰিব লগীয়া হ’ব পাৰে। যদিহে আপুনি গাড়ীত ৱাইপাৰ ব্যৱহাৰ কৰা নাই বা চাইড মিৰ’ৰ ব্যৱহাৰ কৰা নাই তেতিয়াও জৰিমনা ভৰিব। ১০০টকালৈ এই জৰিমনা।

টায়াৰ যদি ভাল অৱস্থাত নাই তেতিয়া দূৰ্ঘটনাৰ আশংকা বৃদ্ধি পায়। এইটো কাৰণতো আপুনি ১০০ টকা জৰিমনা ভৰিব লগীয়া হ’ব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি