মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰত পালেহি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আচৰিত গাড়ীখন, কি আছে এই গাড়ীখনত?

ভাৰত পালেহি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আচৰিত গাড়ীখন, কি আছে এই গাড়ীখনত?

গাড়ীখনৰ খিৰিকী আৰু আগৰ স্ক্ৰীণ গ্লাছৰ পাঁচটা তৰপ থাকে। একেবাৰে অভেদ্য এই গ্লাছ। গাড়ীখনৰ কেৱল এখন খিৰিকীৰ গ্লাছহে খুলিব পাৰি, তাকো কেৱল ৩ ইঞ্চি, যিখন চালকৰ আসনৰ কাষত থাকে।

  • Share this:
২৪ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তাৰ পূৰ্বে ভাৰত আহি পালেহি ট্ৰাম্পৰ গাড়ী। যেতিয়া ট্ৰাম্পে বিদেশ ভ্ৰমণলৈ যায়, তাৰ পূৰ্বেই নিয়া হয় ট্ৰাম্পৰ বিশেষ গাড়ীখন। এই গাড়ীখন বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় আৰু সুৰক্ষিত গাড়ী হিচাপে পৰিচিত। বিশ্বৰ কোনো ৰাষ্ট্ৰৰ মুৰব্বীৰ ওচৰত নাই এনেধৰণৰ সুৰক্ষিত গাড়ী। গাড়ীখনৰ নাম ‘দ্য বীষ্ট’।

যেতিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প বিদেশ ভ্ৰমণ কৰে তেতিয়াই এই বিশেষ লিম’জিন গাড়ীখন অতি কমেও ১৪খন বাহনৰ কনভয়ৰ মাজেৰে চলে। ৰাষ্ট্ৰপতিৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰা হৈছে এই গাড়ীখন। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ কিছুমাহ পিছতে দিয়া হৈছিল এই গাড়ীখন। এই গাড়ীখন বোমা, ৰাসায়নিক আৰু পৰমাণু আক্ৰমণ প্ৰতিৰোধী। গাড়ীখনৰ প্ৰতিটো অংশই বিশেষ, যিয়ে সময়ত পালন কৰি পৃথক ভূমিকা।

গাড়ীখনৰ ছীটৰ সৈতে সম্পূৰ্ণ যোগাযোগ চেণ্টাৰ সংলগ্ন হৈ থাকে। জিপিএছ সংযোগ থকা এই গাড়ীখনৰ চালকজনো এজন দুৰ্ধৰ্ষ কমাণ্ডো, যিয়ে যিকোনো পৰিস্থিতিত গাড়ীখন আগুৱাই নিবলৈ সক্ষম।

গাড়ীখনৰ পিছফালে ৬–৭জন লোকৰ সৈতে বহিব পাৰে ট্ৰাম্প। কিন্তু প্ৰতিটো ছীটেই গ্লাছেৰে পৃথক পৃথক চেম্বাৰলৈ ৰূপান্তৰ কৰিব পাৰি। এই গ্লাছ তল–ওপৰ কৰাৰ বুটাম থাকে ৰাষ্ট্ৰপতিৰ ওচৰত।

যিটো ছীটত ৰাষ্ট্ৰপতি বহে, তাৰ কাষতে থাকে এটা ছেটেলাইট ফোন, যিটোৰ সহায়ত পোনে পোনে আমেৰিকান সেনা আৰু উপ–ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিব পাৰে। ৰাষ্ট্ৰপতিৰ ওচৰত থাকে পেনিক আৰু অক্সিজেন যোগানৰ বুটাম। ৰাষ্ট্ৰপতিৰ ফালে গাড়ীখনৰ দুৱাৰ ৮ ইঞ্চি ডাঠ, যিখন ষ্টীল, এলুমিনিয়াম, টিটেনিয়াম আৰু ছিৰেমিকৰে নিৰ্মিত।

গাড়ীখনৰ খিৰিকী আৰু আগৰ স্ক্ৰীণ গ্লাছৰ পাঁচটা তৰপ থাকে। একেবাৰে অভেদ্য এই গ্লাছ। গাড়ীখনৰ কেৱল এখন খিৰিকীৰ গ্লাছহে খুলিব পাৰি, তাকো কেৱল ৩ ইঞ্চি, যিখন চালকৰ আসনৰ কাষত থাকে।

এই লিম’জিন গাড়ীখনৰ আন কেতবোৰ বিশেষত্ব হ’ল – এই গাড়ীখনত যি ইন্ধন ভৰোৱা হয়, তাৰ সৈতে বিশেষ ফ’ম মিহলি কৰা হয়, যাতে কেতিয়াও বিস্ফোৰণ নঘটে। গাড়ীখনত থাকে ফায়াৰ ফাইটিং, কন্দুৱা গেছ, মেচিন গান চেম্বাৰ, ৰাষ্ট্ৰপতিৰ সৈতে মিল থকা গ্ৰুপৰ তেজ, নাইট ভিজন কেমেৰা আৰু বিশেষ টায়াৰ। পাংচাৰ হ’লেও কোনো প্ৰভাৱ নপৰে যাত্ৰাত। ভাৰতীয় টকাৰ হিচাপত এই গাড়ীখনৰ দাম প্ৰায় ১০ কোটি টকা।

শেহতীয়া বাতৰি