জানো আহক নিৰ্বাচনৰ ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ কোম্পানীৰ বিষয়ে, এতিয়া কোনে ল'ব তেওঁৰ স্থান?

News18 Assam | News18-Assam
Updated:May 6, 2021, 2:45 PM IST
জানো আহক নিৰ্বাচনৰ ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ কোম্পানীৰ বিষয়ে, এতিয়া কোনে ল'ব তেওঁৰ স্থান?
প্ৰশান্ত কিশোৰে তেওঁৰ তিনিজন সহকৰ্মী প্ৰতীক জৈন, ঋষিৰাজ সিং আৰু বিনেশ চান্দেলৰ সৈতে ২০১৩ চনত চিটিজেন ফৰ একাউণ্টেবল গভৰ্ণেন্স প্ৰতিষ্ঠা কৰিছিল।

প্ৰশান্ত কিশোৰে তেওঁৰ তিনিজন সহকৰ্মী প্ৰতীক জৈন, ঋষিৰাজ সিং আৰু বিনেশ চান্দেলৰ সৈতে ২০১৩ চনত চিটিজেন ফৰ একাউণ্টেবল গভৰ্ণেন্স প্ৰতিষ্ঠা কৰিছিল।

  • Share this:
প্ৰশান্ত কিশোৰে তেওঁৰ তিনিজন সহকৰ্মী প্ৰতীক জৈন, ঋষিৰাজ সিং আৰু বিনেশ চান্দেলৰ সৈতে ২০১৩ চনত চিটিজেন ফৰ একাউণ্টেবল গভৰ্ণেন্স প্ৰতিষ্ঠা কৰিছিল। আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পিছতে দেশজুৰি চৰ্চিত হৈ পৰিছিল প্ৰশান্ত কিশোৰৰ প্ৰতিষ্ঠানটো। এই প্ৰতিষ্ঠামনটোৰ নামেই হ'ল ভাৰতীয় ৰাজনৈতিক কাৰ্য সমিতি (IPAC)।

আইপেকে প্ৰথমবাৰৰ বাবে ২০১৪ চনত বিজেপিত নৰেন্দ্ৰ মোদীৰ বাবে সমগ্ৰ ৰাজনৈতিক প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। দেশত প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ৰণনীতি, প্ৰযুক্তি আৰু ছচিয়েল মিডিয়াৰ সম্পূৰ্ণ ব্যৱহাৰৰ পৰিচয় কৰাই দিছিল এই প্ৰতিষ্ঠানটোৱে। কিন্তু বিজেপি চৰকাৰ গঠনৰ পিছতে ক্ৰমান্বৰে মোদী আৰু প্ৰশান্ত কিশোৰৰ মাজত দুৰত্ব বাঢ়িছিল।

ইয়াৰ পিছতে বিহাৰৰ নিৰ্বাচনত নীতিশ কুমাৰৰ বাবে সফলতা আনি দিছিল প্ৰশান্ত কিশেৰে। পৰৱৰ্তী সময়ত পঞ্জাৱত কংগ্ৰেছ চৰকাৰ গঠন কৰাত মুখ্য ভুমিকা পালন কৰিছিল প্ৰশান্ত কিশোৰৰ প্ৰতিষ্ঠানটোৱে।

অন্ধ্ৰ প্ৰদেশ ৱাইএছআৰ কংগ্ৰেছৰ জগন মোহন ৰেড্ডীৰ জয়ত পিছফালে থকা মানুহ জনেই আছিল প্ৰশান্ত কিশোৰ। আৰু এতিয়া এইজন প্ৰশান্ত কিশোৰেই পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচন জয়ত গেম প্লেন ৰচনা কৰি আকৌ এবাৰ দেশজুৰি জ্বিলিকি উঠিছে। কিন্তু বংগত মমতাৰ জয় আনি দিয়াৰ পিছতে প্ৰশান্ত কিশোৰে এই বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰশান্ত কিশোৰৰ অৱসৰৰ পিছত কোনে ল'ব সেইস্থান?

প্ৰতীক জৈন, ঋষিৰাজ সিং আৰু বিনেশ চান্দেল হৈছে কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক যিয়ে প্ৰশান্তৰ সৈতে কোম্পানীটো আৰম্ভ কৰিছিল। আৰু এইসকল হৈছে কোম্পানীটোৰ সঞ্চালকো। বহুলভাবে ক'বলৈ গ'লে, কোম্পানীৰ কাৰ্যকলাপত প্ৰশান্ত কিশোৰৰ সৈতে এই তিনিজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তিনিওজন যুৱক আৰু উচ্চ-শিক্ষিত।

প্ৰতীক জৈনে আইআইটি মুম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লৈছিল। ঘৰ বিহাৰৰ পাটনাত। তেওঁ ডেলয়েট ইণ্ডিয়া কোম্পানীৰ এজন বিশ্লেষক আছিল। টুইটাৰতো প্ৰায় সক্ৰিয় প্ৰতীক জৈন।

আনহাতে দিল্লীৰ ঋষিৰাজ সিং হৈছে আই-পেকৰ দ্বিতীয় সহ-প্ৰতিষ্ঠাপক। তেওঁ আইআইটি কানপুৰৰ ছাত্ৰ। তেওঁ এইচএছবিচি বেংকৰ এজন বিশ্লেষক আছিল। টুইটাৰত থাকে যদিও সাধাৰণতে ল’-প্ৰফাইল দেখা যায়।

বিনেশ চান্দেল হৈছে কোম্পানীটোৰ তৃতীয় সহ-প্ৰতিষ্ঠাপক। তেওঁ ৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ৰ পৰা ওকালতিৰ ডিগ্ৰী লৈছিল। কিছুদিনৰ বাবে উচ্চতম ন্যায়ালয়ত ওকালতি কৰিছিল। ইয়াৰ পিছতে টাইমছ নাওত বাতৰি বিশ্লেষক হিচাপেও কৰ্মৰত আছিল।

আইপেকেৰ সঞ্চালকৰ পিছত কাৰ্যবাহী পৰিষদ আছে। ইয়াত প্ৰায় ১০-১২ জন কৰ্মচাৰী আছে, যি বিভিন্ন আই-পেক বিভাগৰ নেতৃত্ব দিয়ে। কৰ্পোৰেটৰ চাকৰি এৰি এই কৰ্মত নিয়োজিত হৈছে ইয়াৰে অধিকাংশ কৰ্মচাৰী। কোম্পানীটোৱে কমেও ১,০০০ লোকৰ বাবে কাম কৰে, অৱশ্যে প্ৰকল্প আৰু প্ৰচাৰ বিশেষে এই সংখ্যা হ্ৰাস আৰু বৃদ্ধি হয়।

কোম্পানীটোৰ হেড কোৱাৰ্টাৰ বৰ্তমান হায়দৰাবাদৰ বনজাৰা হিলছৰ দৰে এক অভিজাত এলেকাত অৱস্থিত। ইয়াৰ বাহিৰে যিখন ৰাজ্যতে প্ৰতিষ্ঠানটোৱে নিৰ্বাচনী কাম-কাজ কৰে তাত এটা অস্থায়ী কাৰ্যালয়ো নিৰ্মাণ কৰে। আপুনি জানি আচৰিত হ'ব যে, এক ডজনৰো অধিক বিভাগে একেলগে আইপেক পৰিচালনা কৰে, যাৰ ভিতৰত আছে ক্ৰিয়েটিভ, অপাৰেচন, লজিষ্টিকচ, ষ্ট্ৰেটেজিক ৰিচাৰ্ছ, ৰাজনৈতিক বুদ্ধিমত্তা, নেতৃত্ব, ডাটা এনালিষ্ট, ছ'চিয়েল মিডিয়া, ডিজাইনিং, ফটোগ্ৰাফাৰ।
Published by: Himangshu Bhuyan
First published: May 6, 2021, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি