• Home
  • »
  • News
  • »
  • nation
  • »
  • Omicron Signs : ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ঘাতক অমিক্ৰন , এই ৮টা লক্ষণ দেখিলেই সাৱধান হওক!

Omicron Signs : ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ঘাতক অমিক্ৰন , এই ৮টা লক্ষণ দেখিলেই সাৱধান হওক!

স্বাস্থ্য বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে জানুৱাৰী–ফেব্ৰুৱাৰীৰ মাজত ইয়াৰ অধিক ভয়াৱহ হ’ব পাৰে। এতিয়ালৈ লাভ কৰা তথ্য অনুসৰি, কোৰোণাৰ আন ষ্ট্রেইনৰ তুলনাত অমিক্ৰনৰ ফলত মানুহ কম অসুস্থ হৈছে।

স্বাস্থ্য বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে জানুৱাৰী–ফেব্ৰুৱাৰীৰ মাজত ইয়াৰ অধিক ভয়াৱহ হ’ব পাৰে। এতিয়ালৈ লাভ কৰা তথ্য অনুসৰি, কোৰোণাৰ আন ষ্ট্রেইনৰ তুলনাত অমিক্ৰনৰ ফলত মানুহ কম অসুস্থ হৈছে।

স্বাস্থ্য বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে জানুৱাৰী–ফেব্ৰুৱাৰীৰ মাজত ইয়াৰ অধিক ভয়াৱহ হ’ব পাৰে। এতিয়ালৈ লাভ কৰা তথ্য অনুসৰি, কোৰোণাৰ আন ষ্ট্রেইনৰ তুলনাত অমিক্ৰনৰ ফলত মানুহ কম অসুস্থ হৈছে।

  • Share this:
ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ (Omicron Variant) সংক্ৰমণৰ সংখ্যা। অমিক্ৰনৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন নীতি–নিৰ্দেশনাও জাৰি কৰা হৈছে। স্বাস্থ্য বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে জানুৱাৰী–ফেব্ৰুৱাৰীৰ মাজত ইয়াৰ অধিক ভয়াৱহ হ’ব পাৰে। এতিয়ালৈ লাভ কৰা তথ্য অনুসৰি, কোৰোণাৰ আন ষ্ট্রেইনৰ তুলনাত অমিক্ৰনৰ ফলত মানুহ কম অসুস্থ হৈছে। ডেল্টাৰ তুলনাত অমিক্ৰন ৰোগীক হাস্পতালত ভৰ্তি কৰোৱাৰ প্ৰয়োজনীয়তা ৫০ৰ পৰা ৭০ শতাংশলৈ কম হৈছে। অৱশ্যে এয়া এতিয়ালৈ আটাইতকৈ সংক্ৰামক ভেৰিয়েণ্ট যিয়ে একেলগে কেইবাজনো লোকক সংক্ৰমিত কৰিব পাৰে। নতুন বছৰৰ আনন্দ উৎসৱ খুব সাৱধানে পালন কৰাৰ প্ৰয়োজন হৈ পৰিছে। বিশেষজ্ঞই অমিক্ৰনৰ এই ৮টা লক্ষণ দেখিলেই শীঘ্ৰে টেষ্ট কৰাৰ পৰামৰ্শ দিছে।

অমিক্ৰনৰ লক্ষণ (Omicron Symptoms)
অমিক্ৰনৰ ৮টা গুৰুত্বপূৰ্ণ লক্ষণ হ’ল ডিঙিৰ বিষ বা যন্ত্ৰণা, চৰ্দি, ভাগৰুৱা, হাচি অহা, পিঠিৰ তলৰ অংশৰ বিষ, মূৰৰ বিষ, নিশা ঘাম ওলোৱা আৰু মাংসপেশীৰ বিষ। স্বাস্থ্য বিশেষজ্ঞৰ মতে এই লক্ষণসমূহৰ প্ৰতি লক্ষ্য কৰিলে চৰ্দি–জ্বৰ আৰু অমিক্ৰনৰ লক্ষণৰ পাৰ্থক্য জানিব পাৰি। বৰ্তমান কোৰোণাৰ অধিক সংখ্যক ঘটনাত প্ৰচণ্ড জ্বৰ, কফ, সোৱাদ আৰু ঘ্ৰাণশক্তি নাইকিয়া হোৱা আদি লক্ষণ দেখা যোৱা নাই। তথ্য অনুসৰি, অমিক্ৰনৰ পৰা ৰক্ষা পাবৰ বাবে বুষ্টাৰ ড’জ বহু পৰিমাণে ফলপ্ৰসূ হৈছে।

ইউ কেত অমিক্ৰনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ব্ৰিটিছ চিকিৎসকৰ মতে, এতিয়ালৈ যেসকলৰ ৰোগী আহিছে, তেওঁলোকৰ শুকান কাহ, পাতল জ্বৰ, নিশা ঘাম ওলোৱা আৰু শৰীৰত প্ৰচণ্ড বিষৰ সমস্যা হৈ আছে। নিশা ইমানেই ঘাম ওলাই যে ৰোগীৰ কাপোৰ সলনি কৰিবলগীয়া হয়। বিশেষজ্ঞৰ মতে, আপোনাৰ কোৰোণাৰ লক্ষণ অনুভৱ হওক বা নহওক, যদি আপুনি ভিতৰৰ পৰা বেয়া অনুভৱ হৈছে তেন্তে শীঘ্ৰে টেষ্ট কৰাওক।

বিশেষজ্ঞৰ মতে, অমিক্ৰনত আক্ৰান্ত বহু লোকৰ কোনো লক্ষণ দেখা যোৱা নাই। অৰ্থাৎ অমিক্ৰনৰ সংক্ৰমণত লক্ষণহীন ঘটনাও আহিছে। অৰ্থাৎ অমিক্ৰনে মানুহে গম নোপোৱাকৈয়ে গোপনে সমগ্ৰ বিশ্বত বিয়পি গৈ আছে। বিশেষজ্ঞৰ পৰামৰ্শ, মাস্ক পিন্ধা আৰু ছচিয়েল ডিছটেন্সিঙৰ জৰিয়তেহে এই সংক্ৰমণৰ পৰা বাচিব পৰা যাব। ইয়াৰ উপৰি, ভেকচিনৰ দুয়োটা ড’জ লগোৱাটো অতি প্ৰয়োজন। ভেকচিনেটেড লোকৰ ক্ষেত্ৰত সংক্ৰমণ হ’লেও ই গুৰুতৰ ৰূপ ধাৰণ কৰিব পৰা নাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি