দিল্লীত গ্ৰেপ্তাৰ হ’ল উত্তৰ-পূবৰ উগ্ৰপন্থী নেতা। দিল্লীৰ দ্বাৰকা অঞ্চলত আত্মগোপন কৰি থকাৰ পৰাই দিল্লী আৰক্ষীৰ Special Cell–এ গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী নেতাজনক।
গ্ৰেপ্তাৰ হোৱা নেতাজন মণিপুৰত সক্ৰিয় কুকি নেচনেল ফ্ৰণ্টৰ কামাণ্ডাৰ–ইন–চীফ মাংখোলাম কিগেন ওৰফে ডেভিড। ডেভিদৰ বিৰুদ্ধে মণিপুৰৰ বিভিন্ন থানাত অপহৰণ, ধন দাবী, আৰক্ষীৰ মাৰণাস্ত্ৰ চুৰি, হত্যা, লুণ্ঠন আদি বহু গোচৰ ৰুজু হৈ আছে।
KNF–এ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো ডেভিডৰ নেতৃত্বত চলি আছিল সংগঠনৰ কাম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|