• Home
  • »
  • News
  • »
  • nation
  • »
  • KK Death Update : চেকআপ নকৰাই ভুল আছিল নেকি কেকেৰ? মৰণোত্তৰ পৰীক্ষাত চাঞ্চল্যকৰ তথ্য

KK Death Update : চেকআপ নকৰাই ভুল আছিল নেকি কেকেৰ? মৰণোত্তৰ পৰীক্ষাত চাঞ্চল্যকৰ তথ্য

অনিয়মিত জীৱনত নানা সুখ–দুখৰ গালেও কণ্ঠশিল্পীগৰাকীয়ে অৱহেলা কৰিছিল নিজৰ শৰীৰক। ষ্টেজ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি নিশাৰ পিছত নিশা শ্ব’ কৰিলেও লগত ৰাখিছিল এণ্টাচিড।

  • Share this:
মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক ৰিপ’ৰ্টত দেখা গৈছে যে হৃদজনিত সমস্যা আছিল কেকেৰ। যদিও কেমিকেল বিশ্লেষণৰ পিছতে লাভ কৰিব চূড়ান্ত ৰিপ’ৰ্ট। গায়ক কেকেই শৰীৰৰ ফালে গুৰুত্ব দিয়া নাছিল, সেয়া চিকিৎসকৰ ওচৰত স্পষ্ট হৈছে। কেকেৰ পত্নীৰ সৈতে চিকিৎসকে কথা পাতি জানিব পাৰিছে যে কেকেই এচিডৰ সমস্যাত ভুগিছিল, মাজে সময়ে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাইছিল ডাইজিন।

অনিয়মিত জীৱনত নানা সুখ–দুখৰ গালেও কণ্ঠশিল্পীগৰাকীয়ে অৱহেলা কৰিছিল নিজৰ শৰীৰক। ষ্টেজ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি নিশাৰ পিছত নিশা শ্ব’ কৰিলেও লগত ৰাখিছিল এণ্টাচিড।

গায়ক কেকেই কলকাতাত উপস্থিত হৈ প্ৰথমে পত্নীক অসুস্থতাৰ কথা জনাইছিল। আৰক্ষী সূত্ৰে খবৰ, গায়কগৰাকীয়ে ৩০ মে’ত কলকাতাত উপস্থিত হৈছিল, সেই দিনা ঠাকুৰপুখুৰীৰ এক কলেজৰ অনুষ্ঠানত যোৱাৰ পূৰ্বে ফোনত পত্নীক তেওঁৰ হাত আৰু কান্ধত যন্ত্ৰণাৰ কথা জনাইছিল।

বুধবাৰে কেকেই কলকাতাৰ যিখন পঞ্চতাৰকা হোটেলত আছিল সেই হোটেলত লালবজাৰৰ আৰক্ষীয়ে ফৰেনছিক দল গৈ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰে খবৰ, মঙলবাৰে নজৰুল মঞ্চত অনুষ্ঠান শেষ হয় ৮.৪৫ বজাত, ৯.১৫ বজাত হোটেল উপস্থিত হয় কেকে। হোটেলত সোমোৱাৰ সময়ত অনুৰাগীৰ অনুৰোধমৰ্মে ফটোও তুলিছিল বুলি হোটেল কৰ্মচাৰীয়ে জনাইছে আৰক্ষীক।
Published by:Sanjay Kumar Das
First published: