• Home
  • »
  • News
  • »
  • nation
  • »
  • KK Death: অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই আহিছিল আৰক্ষী, ভাঙিছিল ছাত্ৰৰ হাতো! নজৰুল মঞ্চত কি ঘটিছিল?

KK Death: অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই আহিছিল আৰক্ষী, ভাঙিছিল ছাত্ৰৰ হাতো! নজৰুল মঞ্চত কি ঘটিছিল?

মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চৰ গুৰুদাস মহাবিদ্যালয়ত সংগীত পৰিৱেশন কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে।

মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চৰ গুৰুদাস মহাবিদ্যালয়ত সংগীত পৰিৱেশন কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে।

মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চৰ গুৰুদাস মহাবিদ্যালয়ত সংগীত পৰিৱেশন কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে।

  • Share this:
প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথ (কেকে)। মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চৰ গুৰুদাস মহাবিদ্যালয়ত সংগীত পৰিৱেশন কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে। কিন্তু অনুষ্ঠানটোৰ শেষত তেওঁ শাৰীৰিক ভাবে অসুস্থ অনুভৱ কৰে। পিছত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নজৰুল মঞ্চত অত্যাধিক ভিৰ পৰিলক্ষিত হৈছিল। ইতিমধ্যে কেতবোৰ বেমেজালিৰ বিৰুদ্ধে অভিযোগো উত্থাপিত হৈছে। উপস্থিত বহুতে কৈছিল যে, ৰবীন্দ্ৰ সৰোবৰ আৰক্ষী থানাৰ পৰা আৰক্ষী ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আহিবলগীয়া হৈছিল। কিন্তু উদ্যোক্তাসকলে আৰক্ষীৰ আহ্বান শুনা নাছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে আসনৰ ক্ষমতাতকৈ দুগুণ লোকে অনুষ্ঠানস্থলীত প্ৰৱেশ কৰাত আপত্তি দৰ্শাইছিল। বিশৃংখলতাত এজন শিক্ষাৰ্থীৰ বাওঁ বাহু ভাঙি যোৱাৰো অভিযোগ উত্থাপিত হৈছে।

কেকেয়ে মঙলবাৰে নজৰুল মঞ্চত বেহালা বিবেকানন্দ মহাবিদ্যালয়ৰ অনুষ্ঠানত গীত পৰিবেশন কৰিছিল। কেক শ্ব'ৰ পৰিচালনাৰ দায়িত্বত থকা একাংশ লোকে কৈছিল যে, গীত পৰিবেশন কৰি থকাৰ সময়ত অস্বস্তিত পৰিছিল কেকে। বাৰে বাৰে মঞ্চত থকা স্পটলাইট বন্ধ কৰিবলৈ কৈছিল।

জানিব পৰা মতে, কেকেয়ে এটা বা দুটা গান গোৱাৰ পিছতে কিছু সময়ৰ বাবে বিশ্ৰাম লবলগীয়া হৈছিল। তাৰ পিছত তেওঁ উপস্থিত থকা ছাত্ৰসকলৰ সৈতে কথা পাতিছিল। পিছত পুনৰ মঞ্চত গীত পৰিবেশন কৰিছিল। কিন্তু অনুষ্ঠান শেষ কৰাৰ পিছত শাৰীৰিক ভাবে অসুস্থ হৈ পৰে কেকে। আৰু তাৰ পিছৰ পৰিস্থিতি সকলোৰে জ্ঞাত!
Published by:Himangshu Bhuyan
First published: