Kerela's Balloon Seller : বাতৰি অনুসৰি, দূৰৱৰ্তী গাঁও এখনৰ এটা ডালদৰিদ্ৰ পৰিয়ালৰ পৰা অহা কিচবোৰ সংগী কেৱল দৰিদ্ৰতাই আছিল৷
Kerela's Balloon Seller : বাতৰি অনুসৰি, দূৰৱৰ্তী গাঁও এখনৰ এটা ডালদৰিদ্ৰ পৰিয়ালৰ পৰা অহা কিচবোৰ সংগী কেৱল দৰিদ্ৰতাই আছিল৷
দিল্লীৰ বাবা কা ধাবাৰ কান্তাপ্ৰসাদ, ৰে'ল ষ্টেচনৰ গায়িকা ৰাণু মণ্ডলৰ পৰা কেৰালাৰ দিন মজদুৰ মামিকা, ছত্তিশগড়ৰ 'বচপন কা প্যাৰ' খ্যাত কিশোৰ সহদেৱ দিৰদোৰ পৰা বীৰভূমৰ নামহীন গাঁওৰ ভুবন বাদ্যকাৰলৈকে, তেওঁলোক সকলোৱে সামাজিক মাধ্যমৰ কল্যাণৰ বাবে বিখ্যাত হৈ পৰিছে। ইয়াৰ লগতে যোগ হৈছে আৰু এটা নাম। তেওঁ হৈছে কিছবো মোল (Kisbo Mol)
কেৰালাৰ কিচবোৱে বেলুন বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে৷ এদিন এজন ফটোগ্ৰাফাৰে তেওঁৰ ফটো তুলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল৷ তেতিয়াৰ পৰাই দুখীয়া ছোৱালীজনী হৈ পৰিছে ইণ্টাৰনেটৰ ছেনছেছন (Internet Sensation)৷ কোনো কল্পকাহিনীৰ দৰে জীৱন সলনি হৈ পৰে বেলুন বিক্ৰী কৰা কিচবোৰ।
বাতৰি অনুসৰি, দূৰৱৰ্তী গাঁও এখনৰ এটা ডালদৰিদ্ৰ পৰিয়ালৰ পৰা অহা কিচবোৰ সংগী কেৱল দৰিদ্ৰতাই আছিল৷ সৰুকালত দেউতাকক হেৰুওৱাৰ পিছত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছিল৷ তেতিয়াৰ পৰা তেওঁ আৰু মাকৰ জীৱন চলাই নিয়াৰ বাবে ৰঙীন বেলুনেই হৈ পৰিছিল ৰংহীন জীৱনৰ আশা।
কিন্তু ক'লা ডাৱৰৰ আঁৰত ৰূপালী বৈদ্যুতিক ৰেখা লুকাই থকাৰ দৰে কিচবোৰ জীৱনতো পোহৰৰ ৰেখাটো লুকাই আছিল৷ তেওঁৰ ভাগ্যৰ চকা ঘূৰিলে কুনুৰৰ এখন মেলাত। তেওঁ এজন ফটোগ্ৰাফাৰৰ চকুত পৰে৷ এখন ফটো কিচবো আৰু তেওঁৰ মাকৰ অনুমতিত তোলা গয়। ছবিখন ইণ্টাৰনেটত শ্বেয়াৰ কৰাৰ লগে লগে ইণ্টাৰনেটত এগৰাকী তাৰকা হৈ পৰিল কিচবো৷
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে কিচবোৰ মেক-অভাৰটো কুনুৰৰ এখন বিউটী চেলুনে কৰে। কিচবোক পুনৰ এক নতুন ৰূপত সজাই ফটো তোলা হৈছিল। পুনৰ ভাইৰেল হয় তেওঁ।
নিশাটোৰ ভিতৰত তাৰকাৰ সমান জনপ্ৰিয়তা লাভ কৰা কিচবোৰ মাকৰ আশা ছোৱালীজনীয়ে দৰিদ্ৰ জীৱনৰ পৰা মুক্তি পাওক। ছোৱালীজনীয়ে ভালগৰে পঢ়াৰ সুবিধা পাওক, যাতে ভৱিষ্যতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে। পৰিৱৰ্তিত জীৱনত ছোৱালীজনীয়ে যেন আৰু বেলুন বিক্ৰী কৰিব নালাগে, কিচবোৰ মাকৰ তাকেই সপোন।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|