কৃষকৰ বাবে আজি ৰাজপথত নামিব ৰাহুল গান্ধী, ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছে উলিয়াব সমদল

সমদলৰ অন্তত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব।
সমদলৰ অন্তত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব।
- News18 Assam
- Last Updated: December 24, 2020, 10:33 AM IST
কে চি বেণুগোপালে এক বিবৃতিত অভিযোগ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমে কৃষি বিৰোধী আইন বনাই কৃষকক আঘাত দিছে আৰু এতিয়া তেওঁৰ মন্ত্ৰীয়ে অন্নদাতাসকলক অপমান কৰিছে। তেওঁ কয়, কৃষি বিৰোধী আইনক লৈ চলি থকা আন্দোলনক আগবঢ়াই নিবলৈ আৰু শক্তিশালী কৰাৰ বাবে কংগ্ৰেছে আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা হস্তাক্ষৰ অভিযান আৰম্ভ কৰিছিল। এই আইন বাতিল কৰাৰ পক্ষত প্ৰায় ২ কোটি লোকৰ হস্তাক্ষৰ সংগ্ৰহ কৰা হৈছে।