মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এক সীমাহীন ভৱিষ্যতৰ দিশে–সম্ভাৱনাৰ পৃথিৱী এখন মুকলি কৰিবলৈ অসীম সম্ভাৱনাপূৰ্ণ শক্তিৰ ব্যৱহাৰ

এক সীমাহীন ভৱিষ্যতৰ দিশে–সম্ভাৱনাৰ পৃথিৱী এখন মুকলি কৰিবলৈ অসীম সম্ভাৱনাপূৰ্ণ শক্তিৰ ব্যৱহাৰ

News18 Assam | News18-Assam
Updated:July 19, 2021, 6:55 PM IST
এক সীমাহীন ভৱিষ্যতৰ দিশে–সম্ভাৱনাৰ পৃথিৱী এখন মুকলি কৰিবলৈ অসীম সম্ভাৱনাপূৰ্ণ শক্তিৰ ব্যৱহাৰ

  • Share this:
১৩০ বছৰৰ আগতে যেতিয়া মানুহে কেৱল অতীতৰ কথাহে ভাবিছিল, এনে এজন ব্যক্তি আছিল যিজনে ভৱিষ্যতৰ দিশে চকু দিছিল। সামান্য চাইকেল মেৰামতিৰ দোকান এখনৰ পৰা আৰম্ভ কৰি পিছৰ পৰ্য্যায়ত ভাৰতৰ প্ৰথম লোহাৰ নাঙল নিৰ্মাণৰ জৰিয়তে তেওঁ দেশৰ ঔদ্যোগিক বিপ্লৱক গতি প্ৰদান কৰিছিল। তেওঁৰ চাৰিওদিশৰ পৰিৱেশ আৰু সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ প্ৰচলিত সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিছিল। এই কামসমূহৰ জৰিয়তেই তেওঁ মানৱ জাতিৰ প্ৰগতিক আগবঢ়াই নিছিল। তেওঁৰ এই অসামান্য দৃষ্টিভঙ্গীয়ে ইতিমধ্যে প্ৰজন্মৰ পিছত প্ৰজন্ম অতিক্ৰম কৰিছে। ইয়াৰ ফলত প্ৰত্যাহ্বানসমূহ নিৰন্তৰ সুযোগলৈ ৰূপান্তৰিত কৰাৰ যোগেদি সমাজত এক অতুলনীয় কৰ্মনৈতিকতা গঢ়ি উঠিছিল। আজি তেওঁৰ দ্বাৰা প্ৰদান কৰা শিক্ষাই Kirloskarক বিভিন্ন অভিযান্ত্ৰিক সমাধানৰ বাবে অনুপ্ৰাণিত কৰিছে। এই সমাধানবোৰৰ জৰিয়তে কৃষি খণ্ড, উদ্যোগ, শক্তি প্ৰকল্প, আন্তঃগাঁথনি প্ৰকল্প, ফাৰ্মাচিটিকেল কোম্পানী, ৰিয়েল ইষ্টেট খণ্ড, গৱেষণা আৰু বিকাশ, বিমান নিৰ্মাণ আৰু চোৱাচিতা আৰু বিমান উৰণ-বিজ্ঞানৰ মেৰুদণ্ড গঠন হৈছে। বিকাশৰ গতিপথ উদ্ভাৱন, সহযোগিতা আৰু সৃষ্টিৰ দ্বাৰা চালিত হৈছে।



সময় সলনি হোৱাৰ লগে লগে আৰু সমাজৰ মানসিকতা আৰু প্ৰয়োজনীয়তা বিকশিত হোৱাৰ লগে লগে Kirloskarএ ইয়াৰ নিৰন্তৰ বিৱৰ্তনৰ গতিৰ সৈতে খোজ মিলাইছে। তেওঁলোকে নিজৰ কৰ্মৰাজিৰ দ্বাৰা এনে এক দৰ্শন সন্মুখলৈ আনিছে যিটো যোৱা ১৩০ বছৰ ধৰি Kirloskarএ অহৰহ পালন কৰি আহিছে। এনে এক দৰ্শন যি মানুহৰ অন্তৰ্নিহিত সম্ভাৱনাক একত্ৰিত আৰু উন্মুক্ত কৰে। এক দৰ্শন যি চলিত ৰীতি বা প্ৰথাৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। এই দৰ্শনে ভৱিষ্যতে অধিক সাহসী আগ্ৰাসন কৰিবলৈ Kirloskarক অধিক ক্ষমতাশালী কৰে। এই দৰ্শন হৈছে "সীমাহীন" হোৱাৰ দৰ্শন।



ভৱিষ্যতৰ ফালে চকু ৰাখি অভিযান্ত্ৰিক উৎকৰ্ষতাৰ মাধ্যমেৰে সীমাহীন সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই সুযোগসমূহ হৈছে দিকনিৰ্ণায়ক সমাধানসমূহ ৰূপাংকন কৰাৰ ফলত উদ্ভৱ হোৱা সুযোগসমূহ। এই সুযোগবোৰে Kirloskar ক উদ্ভাৱনীমূলক আৱিষ্কাৰৰ এক গন্তব্যস্থান হিচাপে গঢ়ি তুলিবলৈ সক্ষম কৰে। যি নিৰন্তৰ প্ৰত্যাহ্বান জনায়, মূল্য সৃষ্টি কৰে আৰু তাৰ পিছত সীমা অতিক্ৰম কৰে। অন্তহীন সম্ভাৱনা থকা এখন পৃথিৱীৰ সৃষ্টি কৰিবলৈ তেওঁলোকে প্লেটফৰ্ম নিৰ্মাণ কৰিব আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সেৱা প্ৰদান কৰিব। সেয়েহে কৃষি সঁজুলি, বিদ্যুৎ উৎপাদন, নিউমেটিক পেকেজ, শীতলীকৰণৰ সমাধানৰ একছত্ৰী সম্ৰাট হোৱাৰ লগতে ধাতু ঢালাই কৰা কাৰখানাত অসংখ্য উদ্ভাৱনৰ সৈতে Kirloskar ৰ দক্ষতা সঁচাকৈয়ে সীমাহীন।

জ্ঞানৰ ক্ষেত্ৰত বিশাল অভিজ্ঞতাৰে সমৃদ্ধ এই অনুক্ৰমিক ঘটনাৰাজিয়ে দেখুৱাই দিছে যে কেনেদৰে সীমাহীন বিকাশ কেৱল এজন ব্যক্তি বা এটা কোম্পানীৰ গুণাগুণৰ দ্বাৰা জোখা নাযায়। সামগ্ৰিকভাৱে সমাজৰ প্ৰগতি আৰু কল্যাণৰ দ্বাৰা বিকাশ জোখা হয়। বহুমুখী প্ৰতিষ্ঠানটোৱে এইটো দৰ্শনকে মানি চলে। তেওঁলোকে জীৱনজোৰা অংশীদাৰীত্ব গঢ়ি তোলে। তেওঁলোকে যোগানকৰ্তা, বিতৰক আৰু গ্ৰাহকৰ সৈতে একেধৰণে সহযোগিতা কৰে। আৰু এনেদৰে তেওঁলোকক সীমাহীন হোৱাৰ নিজৰ যাত্ৰাত নিয়োজিত কৰে। তেওঁলোকৰ শীতলীকৰণ সামগ্ৰীবোৰ পৃথিৱীৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতাসকলৰ কাৰখানাসমূহ শীতল কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেওঁলোকৰ জেনেৰেটৰবোৰে অতি উচ্চ স্থানতো কঠিন ভূখণ্ডত জীৱনক শক্তি প্ৰদান কৰি আছে। উন্নত জীৱনৰ প্ৰতি তেওঁলোকৰ এই প্ৰতিশ্ৰুতিসমূহে তেওঁলোকক সঁচাকৈয়ে "সীমাহীন" কৰি তোলে।



ভিডিঅ'টোত দেখুওৱাৰ দৰে এক শতিকাৰ আগতে এজন মানুহৰ দৃষ্টিভঙ্গীৰ লোকাচাৰ আজি প্ৰতিটো দিনৰ সৈতে শক্তিশালী হৈ উঠিছে। ফলত বহুমুখী প্ৰতিষ্ঠানটো কল্পনা আৰু কাৰ্যকৰীকৰণ দুয়োটাতে সীমাহীন হৈ পৰিছে।





উদ্ভাৱনক তেওঁলোকৰ উদ্দেশ্য হিচাপে লৈ বহুমুখী প্ৰতিষ্ঠানটোৱে সময়ৰ লগে লগে সংগ্ৰহ কৰা জ্ঞানেৰে সৃষ্টি কৰা যাত্ৰাপথত অগ্ৰসৰ আৰু এক অনুকূল ভৱিষ্যতৰ বাবে এটা কৰ্ম-আঁচনি প্ৰস্তুতকৰণত ব্ৰতী। তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা শিকা শিক্ষাবোৰ নতুন যুগৰ চিন্তাধাৰাৰে সঞ্চাৰিত কৰি Kirloskar ৰে নিশ্চিত কৰে যে বিকাশৰ সম্ভাৱনা "সীমাহীন"।

তেওঁলোকৰ দৰ্শনৰ বিষয়ে অধিক পঢ়িবলৈ, ইয়াত ক্লিক কৰক।

তেওঁলোকৰ পদক্ষেপবোৰৰ বিষয়ে আপডেট হৈ থাকিবলৈ, তেওঁলোকক Facebook, LinkedIn, Twitter, YouTube আৰু Instagram ত অনুসৰণ কৰক।


This is a partnered post

First published: July 19, 2021, 6:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি