নিজকে সুস্থ ৰখাৰ ইচ্ছা সকলোৰে থাকে। পুৰুষসকলে ইয়াৰ বাবে জিমলৈ যাবলৈ সময় উলিয়ায়, কিন্তু যদি আমি ঘৰৰ মহিলাৰ বিষয়ে কওঁ, তেওঁলোকে ঘৰৰ দায়িত্বৰ বাবে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে। শিশুৰ যত্ন, ঘৰুৱা কাম, খাদ্য আদিৰ দায়িত্বৰ বাবে তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি কম মনোযোগ দিয়ে। কিন্তু কিছুমান মহিলা আছে যিয়ে তেওঁলোকৰ দায়িত্ব পালন কৰাৰ পিছতো সুস্বাস্থ্য অৰ্জন কৰিছে (female bodybuilder of India)।
ফিটনেছৰ ক্ষেত্ৰত দেশজুৰি চৰ্চা লাভ কৰা এগৰাকী মহিলা, যিয়ে পৰিয়াল ভালদৰে চম্ভালাৰ লগতে নিজকে ফিটনেছৰ জগতত আদৰ্শ ৰূপে তুলি ধৰিছে। আচৰিতভাৱে তেওঁ ৪৭ বছৰ বয়সত ছিক্স পেকৰ সৈতে এটা শৰীৰ নিৰ্মাণ কৰিছে। ৪৭ বছৰ বয়সত, নিজকে ইমান ফিট ৰখা এই মহিলাৰ নাম হৈছে কিৰণ ডেম্বালা (Kiran Dembla)। কিৰণ হায়দৰাবাদত বাস কৰে আৰু নিজে এগৰাকী গৃহিণী। সংগীত উৎসাহী কিৰণে সাম্প্ৰতিক সময়ত পাব আৰু ক্লাবত পেছাদাৰী ডি জে ৰূপেও জনাজাত।
১৯৯৯ চনত বিবাহ পাশত আৱদ্ধ হোৱা কিৰণে ২০০৩ চনত কন্যা সন্তান জন্ম দিছিল। তাৰ পিছত পুত্ৰ। তাৰ পিছত হঠাতে তেওঁ ৰোগত আক্ৰান্ত হয় আৰু দীৰ্ঘদিনীয়া ঔষধ গ্ৰহণ কৰে। এই সকলোবোৰৰ মাজতো তেওঁ শিশুসকলৰ যত্ন, পৰিয়ালৰ দায়িত্ব লৈছিল। এনে পৰিস্থিতিৰ মাজতে কিৰণৰ ওজন ৭৪ কিলোগ্ৰামলৈ বৃদ্ধি পাইছিল।
ল'ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাৰ লগে লগে কিৰণে এতিয়া কিছু ওজন হ্ৰাস কৰাৰ কথা ভাবিলে। কিৰণে তেতিয়া ঘৰৰ ওচৰৰ এটা জিমত যোগদান কৰে। জিমত কিৰণে মানুহৰ পৰা বহুতো ইতিবাচক কথা শুনিছিল, নিজেও কঠোৰ ব্যায়াম আৰম্ভ কৰিছিল, যাৰ ফলত ওজন ক্ৰমান্বয়ে হ্ৰাস হৈছিল।
কিৰণে কয় যে যেতিয়াই কোনোবা সংগীত অনুষ্ঠানলৈ গৈছিল, মানুহে তেওঁক প্ৰশংসা কৰিছিল। কিন্তু মেদবহুল শৰীৰটোক লৈ কিৰণৰ আছিল সংকোচ। তেওঁ পেশী আৰু ছিক্স পেক বনোৱাৰ কথা ভাবে। এই কামত আগবাঢ়ি কিৰণে প্ৰায় এবছৰত ২৪ কিলোগ্ৰাম ওজন হ্ৰাস কৰিছিল। এতিয়া ফিটনেছৰ বাবে হায়দৰাবাদত তিনিটা ডাঙৰ জিম খুলিছে তেওঁ। কিৰণ আজি এজন চেলিব্ৰিটি হৈ পৰিছে। এতিয়ালৈকে বহুতো চেলিব্ৰিটিকো প্ৰশিক্ষণ দিয়ে তেওঁ (Celebrity Fitness Expert Kiran Dembla)।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|