পুডুচেৰীৰ লেফটেনেন্ট গৱৰ্ণৰ পদৰ পৰা ৰাষ্ট্ৰপতিয়ে অব্যাহতি দিলে কিৰণ বেদীক, জানক কাৰণ

ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে পুডুচেৰীৰ লেফটেনেন্ট-গৱৰ্ণৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে কিৰণ বেদীক।
ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে পুডুচেৰীৰ লেফটেনেন্ট-গৱৰ্ণৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে কিৰণ বেদীক।
- News18 Assam
- Last Updated: February 17, 2021, 1:57 PM IST
ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা মঙলবাৰে এক বিবৃতিত উল্লেখ কৰা হয় এই কথা। বিবৃতিটোত কোৱা হৈছে যে তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলীচাই সৌন্দৰাৰাজনক পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
"ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ, ড০ কিৰণ বেদীয়ে পুদুচেৰীৰ লেফটেনেণ্ট-গৱৰ্ণৰ পদৰ পৰা অব্যাহতি ল'ব আৰু তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলীচাই সৌন্দৰাৰাজনক তেওঁৰ নিজৰ দায়িত্বৰ উপৰিও পুডুচেৰীৰ লেফটেনেণ্ট-গভৰ্ণৰৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।
কুমাৰৰ পদত্যাগৰ পাচতে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিধানসভাত কংগ্ৰেছৰ শক্তি অধ্যক্ষকে ধৰি ১০লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ডি এম কেৰ তিনিজন সদস্য আছে আৰু এজন স্বতন্ত্ৰ বিধায়কেও সমৰ্থন দিছে চৰকাৰক। যদিও ১৪খন আসনেৰে এতিয়া কংগ্ৰেছে হেৰুৱাইছে সংখ্যাগৰিষ্ঠতা। ফলত এতিয়া বিৰোধীয়ে বিচাৰিছে ফ্লৰ টেষ্ট। তাৰ পাচতে অঞ্চলটোত এই পদ পৰিৱৰ্তন কৰা হয়।
অব্যাহতি সম্পৰ্কত মত প্ৰকাশ কৰি কিৰণ বেদীয়ে কয় যে, দীৰ্ঘসময় ধৰি পুডুচেৰীৰ লেফটেনেন্ট গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ । লগতে ধন্যবাদ জনাইছো মোৰ সৈতে কাম কৰা সকলো সহযোগী কৰ্মকৰ্তাক। মই সজোৰে ক'ব পাৰে এই কাৰ্যকালৰ সময়চোৱাত "টিম ৰাজ নিৱাস" এ জনহিতৰ বাবে সুন্দৰকৈসকাম কৰিছে।
ইফালে আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ পুডুচেৰী ভ্ৰমণ কৰিব।