খালিস্তানী সমৰ্থকে ২৬ জানুৱাৰীত জালিনৱালাৱাগ ২.০ ৰূপ দিবলৈ চেষ্টা চলাইছিল, জালত নপৰিল দিল্লী আৰক্ষী

News18 Assam | News18-Assam
Updated:January 27, 2021, 6:17 PM IST
খালিস্তানী সমৰ্থকে ২৬ জানুৱাৰীত জালিনৱালাৱাগ ২.০ ৰূপ দিবলৈ চেষ্টা চলাইছিল, জালত নপৰিল দিল্লী আৰক্ষী
ৰেডফৰ্টত সংঘটিত হোৱা হিংসাত্মক কাৰ্যই নিশ্চয় এক শিক্ষা দিলে নিৰাপত্তা সংস্থা আৰু দিল্লী আৰক্ষীক

ৰেডফৰ্টত সংঘটিত হোৱা হিংসাত্মক কাৰ্যই নিশ্চয় এক শিক্ষা দিলে নিৰাপত্তা সংস্থা আৰু দিল্লী আৰক্ষীক

  • Share this:
গণতন্ত্ৰ দিৱসৰ দিনা ৰেডফৰ্টত সংঘটিত হোৱা অনাকাংক্ষিত হিংসাত্মক ঘটনা নিশ্চয়কৈ নিৰাপত্তা সংস্থা আৰু আৰক্ষীৰ বাবে এক শিক্ষা হৈ ৰব।

দিল্লীত মঙলবাৰে সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত ৰাজনৈতিক এডভাণ্টেজৰ কাৰণে একাংশ ৰাজনৈতিক নেতাৰ উচতনি মূলক মন্তব্যই জ্বলা জুইত ঘিঁউ ঢালিলে।

প্ৰতিবাদকাৰীয়ে বিভিন্ন হিংসাত্মক কাৰ্য সংঘটিত কৰি পৰিস্থিতি অধিক জটিল কৰি তুলিবলৈ চেষ্টা চলাইছিল। কিন্তু ইমানৰ পিছতো দেখা গ'ল যে, কালি হৈ যোৱা প্ৰতিবাদত দিল্লী আৰক্ষীয়ে প্ৰতিবাদ দমনৰ বাবে কোনো ধৰণৰ মাৰণাস্ত্ৰ ব্যৱহাৰ কৰা নাছিল।

বিভিন্ন সময়ত প্ৰতিবাদৰ নামৰ হিংসাত্মক ঘটনা সংঘটিত কৰি অহা হৈছে। আৰু এই ক্ষেত্ৰত যদি আৰক্ষীয়েও প্ৰতিবাদ দমনৰ নামত কঠোৰ হৈ পৰে, তেতিয়াই প্ৰতিবাদকাৰী অন্য ৰূপত জপিয়াই পৰে। এনেধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে বহুযুগ ধৰি সমালোচনা চলি আহিছে। যি আছিল পাকিস্তানী বা খালিস্তানী সমৰ্থকৰ গেম প্লেন। সেইসকলে ২৬ জানুৱাৰীত আকৌ এবাৰ জালিনৱালাৱাগৰ দৰে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা চলাইচিল। কিন্তু সেইসকলৰ সেই অভিসন্ধি সফল হবলৈ নিদিলে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীক চেল্যুট। তেওঁলোকৰ জালত নপৰিল দিল্লী আৰক্ষী। কাৰণ প্ৰতিবাদ দমনৰ বাবে তেওঁলোকে গুলীচালনা নকৰিলে।



 Vikram Singh- The author is Former DGP, UP Police and Chancellor, Noida International University, Greater Noida. Views are personal.
Published by: Himangshu Bhuyan
First published: January 27, 2021, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি