নৰেন্দ্ৰ মোদী চৰকাৰৰ এমাহ সম্পূৰ্ণ, এইপৰ্যন্ত কি আছিল গুৰুত্ব দিয়া বিষয়?

প্ৰথমৰ পৰাই মোদী চৰকাৰে গুৰুত্ব দিছে বিকাশৰ ক্ষেত্ৰত।

News18
Updated:July 1, 2019, 5:16 PM IST
নৰেন্দ্ৰ মোদী চৰকাৰৰ এমাহ সম্পূৰ্ণ, এইপৰ্যন্ত কি আছিল গুৰুত্ব দিয়া বিষয়?
প্ৰথমৰ পৰাই মোদী চৰকাৰে গুৰুত্ব দিছে বিকাশৰ ক্ষেত্ৰত।
News18
Updated: July 1, 2019, 5:16 PM IST
 নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতি পালন

চৰকাৰৰ প্ৰথম সিদ্ধান্ত দেশৰ সুৰক্ষাত ব্ৰতীসকলৰ প্ৰতি সমৰ্পিত আছিল। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজিৰ অধীনত প্ৰধানমন্ত্ৰীৰ স্কলাৰশ্বিপ স্কীমত যথেষ্ট পৰিৱৰ্তন সাধন। এই স্কলাৰশ্বিপৰ পৰিমাণ বৃদ্ধি। লগতে এই স্কলাৰশ্বিপৰ জৰিয়তে মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা আৰক্ষী বিষয়াসকলৰ সন্তানকো সামৰি লোৱাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

অন্ন–দাতাসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ পেন্সন ব্যৱস্থাৰ প্ৰৱৰ্তন

৫কোটি ক্ষুদ্ৰ কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এক স্বেচ্ছামূলক আৰু বৰঙণিমূলক পেন্সন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। কৃষকক সামাজিক সুৰক্ষা প্ৰদান কৰিবলৈ ৩বছৰৰ সময়সীমাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ১০,৭৭৪.৫০কোটি টকা খৰছ কৰিব।

প্ৰধানমন্ত্ৰী–কিসান সুৰক্ষাৰ কৱচৰ অধীনত সকলো কৃষকক সামৰি লোৱা

এই আঁচনিৰ অধীনত নিজৰ অধীনত থকা ভূমিৰ পৰিমাণ নিৰ্বিশেষে সকলো যোগ্য কৃষক পৰিয়ালক সামৰি লোৱা হৈছে। পৰিৱৰ্তিত আঁচনিয়ে ২কোটিৰো নতুন কৃষকক সামৰি লোৱাৰ ফলত আঁচনিৰ অধীনত থকা কৃষকৰ সংখ্যা ১৪.৫কোটি হয়গৈ। এইপৰ্যন্ত ৩.১১কোটি কৃষকক প্ৰথম ইনষ্টলমেণ্টত ২০০০ টকাকৈ আৰু দ্বিতীয় ইনষ্টলমেণ্টত ২.৬৬কোটি কৃষকক ২০০০ টকাকৈ পোনে পোনে বেংক একাউণ্টযোগে প্ৰদান কৰা হৈছে।

ব্যৱসায়ীসকলৰ বাবে পেন্সন আঁচনি

মোদী চৰকাৰে এক নতুন আঁচনিৰ অনুমোদন জনাইছে য’ত ব্যৱসায়ী সকলৰ বাবে পেন্সনৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিয়ে ৩কোটি ক্ষুদ্ৰ দোকানী আৰু ব্যৱসায়ীক লাভান্বিত কৰিব। চৰকাৰে চাবস্ক্ৰাইবাৰসকলৰ একাউণ্টত একেধৰণৰ বৰঙণি আগ‍বঢ়াব। সকলো দোকানী, খুচুৰা বিক্ৰেতা আৰু স্ব–নিয়োজিত ব্যক্তিয়ে মাহে ৩০০০ টকাকৈ পেন্সন ৬০বছৰ হোৱাৰ পিছত লাভ কৰিব।

জলশক্তি মন্ত্ৰালয়ৰ গঠন

নিৰ্বাচনী প্ৰচাৰৰ এক চুক্তি হিচাপে জল সমস্যা সমাধানৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ জল শক্তি মন্ত্ৰালয় গঠন কৰা হয়।

মিচন ফাইভ ট্ৰিলিয়নলৈ অগ্ৰসৰ

দেশৰ অৰ্থনীতি ৫ত্ৰিলিয়ন ডলাৰলৈ উন্নত কৰিবলৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দুখনকৈ কেবিনেট কমিটী গঠন কৰিছে। ইয়াৰ জৰিয়তে বিনিয়োগ আৰু বিকাশ তথা নিয়োগ আৰু স্কিল ডেভলপমেণ্ট পেনেল গঠন কৰি অৰ্থনীতি সুদৃঢ় কৰিবলৈ বিচৰা হৈছে, এই দুইখন কমিটীৰ নেতৃত্বত আছে প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি ক্ষেত্ৰৰ সংৰচনাত্মক পৰিৱৰ্তন সাধন কৰিবলৈ উচ্চ ক্ষমতা সম্পন্ন এখন কমিটী গঠনৰ ঘোষণা কৰিছিল।

দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনো শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। বিজেপিয়ে মেনিফেষ্টত উল্লেখ কৰিছিল যে দুৰ্নীতিৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে যুঁজ দিয়া হ’ব। এই দিশত চাৰ্জিকেল ষ্ট্ৰাইক চলাই ১২গৰাকী উচ্চপদস্থ আয়কৰ বিষয়াক অৱসৰ ল’বলৈ নিৰ্দেশ দিয়া হ’ল। ইয়াৰে একাংশ বিষয়া দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্য নথকা সম্পত্তি আৰু যৌন নিৰ্যাতন গোচৰৰ অভিযুক্ত। মোদী চৰকাৰে ১৫গৰাকী কাষ্টম, কেন্দ্ৰীয় আৱকাৰী বিষয়াক উৎকোচ লোৱা আৰু দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰে।

যোগ দিৱসৰ জৰিয়তে বিশ্বত নিজৰ স্থিতি শক্তিশালী কৰা

বিগত কিছু বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় যোগদিৱস বিশ্বৰ ১৭০খন দেশে পৰম উত্‍সাহেৰে উদযাপন কৰে। এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে যোগৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়োৱা চাৰিজন লোকলৈ বিশেষ বঁটা আগবঢ়াইছে। ইয়াৰে এগৰাকী ইটালীৰ আৰু এগৰাকী জাপানৰ মহিলা। যোগৰ জৰিয়তে ভাৰতে নিজৰ ‘ছফ্ট পাৱাৰ’ ভালদৰে প্ৰদৰ্শন কৰাত সক্ষম হৈছে।

বৈদেশিক নীতিৰ সৱলীকৰণ

মালদ্বীপত ভাৰতৰ প্ৰভাৱ বিস্তাৰ। মালদ্বীপে প্ৰধানমন্ত্ৰী মোদীক বিশেষ সন্মানেৰে সম্বৰ্ধনা জনাইছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় দুগৰাকী চিনেটৰে অস্ত্ৰ নিয়ন্ত্ৰণ এক্সপৰ্ট এক্টৰ সংশোধনীৰ জৰিয়তে ভাৰত মহাসাগৰীয় খণ্ডত অধিক সহযোগিতাৰ বাট মুকলি কৰিছে।

চুবুৰীয়া শ্ৰীলংকাৰ বেয়া সময়ত সহায়–সমৰ্থন

সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পিছত শ্ৰীলংকাৰ পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা বিশ্বনেতাৰ ভিতৰত প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই আচৰণৰ জৰিয়তে ভাল চুবুৰীয়াৰ দায়িত্ব পালন কৰি বিশ্বত নিজৰ ছবি উজ্জ্বল কৰি তুলিছে ভাৰতে। ইয়াৰ লগতে শ্ৰীলংকাত জৰুৰীকালীন এম্বুলেন্স সেৱাৰো আৰম্ভ কৰে ভাৰতে।

ছাংঘাই ক’পৰেচন অৰ্গেনাজেইচন চামিটত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বক্তব্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

স্বচ্ছ ভাৰত, বেটি বচাও বেটি পঢ়াও, গ্ৰাম্য পথ নিৰ্মাণ, চিকিৎসা শিক্ষাৰ উন্নতি, জম্মু–কাশ্মীৰ এলেকাৰ উন্নতি তথা বিচ্ছিন্নবাদ–সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি, ৰাজহুৱা ধনৰ শৰাধ বন্ধ আদি উদ্যোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰশংসিত হৈছে।

ইয়াৰ লগতে মহাকাশ গৱেষণা ক্ষেত্ৰ আৰু বিশ্ব নেতৃত্বৰ ক্ষেত্ৰতো বিশেষ চাপ এৰিবলৈ সক্ষম হৈছে ভাৰতে।
আৰু চাওক পৰৱৰ্তী বাতৰি