মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এজন টেক্সি চালক, কেনেকৈ পালে ৪০ কোটি টকা?

নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এজন টেক্সি চালক, কেনেকৈ পালে ৪০ কোটি টকা?

News18 Assam | News18-Assam
Updated:July 6, 2021, 2:34 PM IST
নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এজন টেক্সি চালক, কেনেকৈ পালে ৪০ কোটি টকা?
প্ৰায় ৪০ কোটি টকাৰ গৰাকী হ’ল এই লোকজন। কিন্তু কেনেকৈ কপাল ফুলিল টেক্সি চালকজনৰ?

প্ৰায় ৪০ কোটি টকাৰ গৰাকী হ’ল এই লোকজন। কিন্তু কেনেকৈ কপাল ফুলিল টেক্সি চালকজনৰ?

  • Share this:


নিশাটোৰ ভিতৰতে কোটিপতি হ’ল কেৰালাৰ এজন টেক্সি চালক। প্ৰায় ৪০ কোটি টকাৰ গৰাকী হ’ল এই লোকজন! কিন্তু কেনেকৈ কপাল ফুলিল টেক্সি চালকজনৰ?

লোকজনৰ নাম ৰেঞ্জিত সোমৰঞ্জন। আবুধাবিত চালকৰ কাম কৰে। জেকপট জিকি এতিয়া নিশাটোৰ ভিতৰতে কোটিপতি হ’ল ৰেঞ্জিত। লটাৰীত ৰেঞ্জিতে জিকিলে ২০ মিলিয়ন ডিৰহাম। ভাৰতীয় মুদ্ৰাত প্ৰায় ৪০ কোটি টকা!

বিগত তিনি বছৰ ধৰি ৰেঞ্জিতে ক্ৰয় কৰি আহিছিল লটাৰীৰ টিকট। কিন্তু ইমানদিনে এটকাও জিকা নাছিল। কিন্তু এইবাৰ ভাগ্য উদয় হ’ল ৰেঞ্জিতৰ। খালিজ টাইমছৰ খবৰ অনুসৰি, শনিবাৰে তেওঁ আবুধাবিৰ মছজিদৰ সমীপত আছিল। সেই সময়তে এই সুখবৰটো লাভ কৰে।

এই লটাৰীৰ টিকটটো ৰেঞ্জিত আৰু তেওঁৰ বন্ধুৱে মিলি কিনিছিল। সেয়েহে এই জেকপটৰ গৰাকী তেওঁ অকলে নহয়। এই ধন ভাগ হ’ব ১০ জনৰ মাজত। বাকীসকল ভাৰতৰ উপৰি পাকিস্তান, নেপাল আৰু বাংলাদেশৰ বাসিন্দা। তেওঁলোক প্ৰত্যেকেই আবুধাবিত বিভিন্ন হোটেলত কাম কৰে। প্ৰত্যেকেই লটাৰীৰ টিকট কিনিবলৈ ১০০ ডিৰহামকৈ দিছিল। ২৯ জুনত টিকটটো কিনা হৈছিল ৰঞ্জিতৰ নামত।



Published by: Sanjay Kumar Das
First published: July 6, 2021, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি