• Home
  • »
  • News
  • »
  • nation
  • »
  • Kerala Acid Attack: বিয়াৰ প্ৰস্তাৱ নাকচ, বয়ফ্ৰেণ্ডৰ মুখলৈ এচিড নিক্ষেপ মহিলাৰ! চাওক চিচিটিভি ফুটেজ

Kerala Acid Attack: বিয়াৰ প্ৰস্তাৱ নাকচ, বয়ফ্ৰেণ্ডৰ মুখলৈ এচিড নিক্ষেপ মহিলাৰ! চাওক চিচিটিভি ফুটেজ

ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • Share this:
এচিড আক্ৰমণৰ ঘটনা দেশত এতিয়াও বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে। মহিলাসকলৰ ওপৰত এচিড আক্ৰমণৰ ঘটনা এতিয়া আগৰ তুলনাত কিছু কমিলেও সম্পূৰ্ণৰূপে কমা নাই। ইয়াৰ মাজতে কেৰালাৰ তিৰুৱনন্তপুৰমত পোহৰলৈ আহিছে এক এচিড আক্ৰমণৰ ঘটনা। কিন্তু এই এচিড আক্ৰমণৰ ঘটনা নাৰী নহয়, পুৰুষৰ ওপৰত।

বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত বয়ফ্ৰেণ্ডৰ মুখলৈ প্ৰেমিকাই এচিড নিক্ষেপ কৰাৰ অভিযোগ। ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিচিটিভি ফুটেজত এচিড নিক্ষেপ কৰাৰ দৃশ্য দেখি সকলো আচৰিত হৈ পৰিছে। ২৮ বছৰীয়া যুৱকজন বৰ্তমান হাস্পতালত চিকিৎসাধীন। মুখৰ এফালে অধিক এচিড পৰাত এটা চকু নষ্ট হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে চিকিৎসকে। ঘটনাটো সংঘটিত হৈছে ১৬ নৱেম্বৰত।

গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম শিৱা সন্তোষ বুলি জানিব পৰা গৈছে। বয়স ৩৫ বছৰ। তেওঁ কেৰালাৰ ইদুক্কি জিলাৰ আদিমালিৰ বাসিন্দা। ছচিয়েল মিডিয়াত শিৱাৰ আলাপ হয় যুৱকজনৰ সৈতে। তেওঁলোকে একেলগে থাকিব বুলি নিজৰ শহুৰেকৰ ঘৰৰ পৰা তিৰুৱনন্তপুৰমলৈ গুচিও আহে মহিলাগৰাকী। কিন্তু পূৰ্বে মহিলাগৰাকী বিয়া হোৱাৰ লগতে দুটি সন্তান আছে বুলি জানিব পাৰি যুৱকজনে তেওঁৰ সৈতে সম্পৰ্ক আগবঢ়াই নিবলৈ অসন্মত হয়।

যুৱকজনৰ আন কাৰোবাৰ সৈতে বিয়াৰ কথা চলিছে, এই কথা জানিব পাৰি যুৱকজনক মাতি পঠিয়াই মহিলাগৰাকীয়ে। টকাও দাবী কৰে বুলি জেৰাত স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে। ১৬ নৱেম্বৰত এজন বন্ধু আৰু ভিনিহিয়েকক লৈ যুৱকজন উপস্থিত হয় শিৱাৰ চহৰ আদিমালিৰ এটা গিৰ্জাত। তাতেই শিৱাই এচিডেৰে আক্ৰমণ কৰে বুলি অভিযোগ। চিচিটিভি ফুটেজ লাভ কৰাৰ পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: