লেডী ডন! ভুল পথেৰে আহি থকা বাছৰ সন্মুখত এগৰাকী যুৱতীয়ে ৰখাই দিলে স্কুটী, তাৰ পিছত চাওক...

এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। মহিলাগৰাকীয়ে পাঠ দিলে বাছ চালকক।

News18-Assam
Updated:September 26, 2019, 5:49 PM IST
লেডী ডন! ভুল পথেৰে আহি থকা বাছৰ সন্মুখত এগৰাকী যুৱতীয়ে ৰখাই দিলে স্কুটী, তাৰ পিছত চাওক...
এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। মহিলাগৰাকীয়ে পাঠ দিলে বাছ চালকক।
News18-Assam
Updated: September 26, 2019, 5:49 PM IST
যদি আপুনি শুদ্ধ পথত থাকে, তেন্তে কোনো শক্তিয়ে লৰাব নোৱাৰে আপোনাক। প্ৰায়ে আমি এই কথাষাৰ শুনি থাকো। কিন্তু ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’ই এই কথা সঁচা প্ৰমাণিত কৰিলে। ভিডিঅ’টো কেৰালাৰ ৰাজপথৰ। ব্যস্ত ৰাজপথ। সেই সময়তে এখন বাছে ভুল পথেৰে আগবাঢ়িছিল। সন্মুখৰ ফালৰ পৰা স্কুটী চলাই আহি আছিল এগৰাকী যুৱতী। ভুল পথেৰে অহা বাছখনৰ সন্মুখত যুৱতীগৰাকীয়ে ৰখাই দিলে স্কুটীখন। বাছখনে শুদ্ধ পথলৈ নোযোৱালৈকে অলৰ–অচৰ হৈ থাকিল স্কুটী আৰোহী যুৱতীগৰাকী।

এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। টুইটাৰত @TheGhostRider31 নামৰ একাউণ্টত আপলোড কৰা হৈছে ভিডিঅ’টো। কেপচনত লিখা হৈছে – যেতিয়া আপুনি শুদ্ধ হয় আপোনাৰ ওচৰচত এক অনন্য শক্তি থাকে। চাওক কিদৰে এগৰাকী মহিলাই পাঠ দিলে বাছ চালকক। অৱশ্যে এই ভিডিঅ’টো কেতিয়াৰ তাৰ উল্লেখ কৰা হোৱা নাই।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি