কেৰালাত এক হৃদয়বিদাৰত ঘটনা সংঘটিত হৈছে। নিজৰ ২৭ দিনীয়া সন্তানক মূৰ দেৱালত মূৰ থেতেলিয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এঘৰাকী মাতৃ। আৰক্ষীয়ে সদৰি কৰিছে এই কথা। আৰক্ষীয়ে কয় যে সময়তকৈ পূৰ্বেই জন্মলাভ কৰা শিশুটিয়ে অসুস্থতাৰ বাবে অনবৰতে কান্দিছিল। যাৰ বাবে ক্ৰোধান্বিত হৈ মাতৃয়ে ২১ দিনীয়া শিশুটিক হত্যা কৰে।
ঘটনাটো ৯ ডিচেম্বৰত সংঘটিত হয়। সেইদিনা দিনৰ ১১ বজাত শিশুটিক হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে কয় যে চিকিৎসকক দেখুওৱাৰ পিছত শিশুটিক ঘৰলৈ অনা হয়, কিন্তু ইয়াৰ পিছতে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটে। তাৰ পিছত পুনৰ এখন হাস্পতাললৈ নিয়া হয় যদিও শিশুটিৰ মৃত্যু হয়।
আৰক্ষীয়ে কয় যে ইয়াৰ পিছতে এখন আশ্ৰম চলোৱা ফাডাৰ জোজী থমাছৰ ভাষ্যৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হয়। মহিলাগৰাকীয়ে এই আশ্ৰমৰ পাকঘৰত কাম কৰে আৰু নিজৰ ৪৫ বছৰীয়া প্ৰেমিকৰ সৈতে থাকে। শিশুটিৰ ১০ ডিচেম্বৰ মৰণোত্তৰ পৰীক্ষা হোৱাৰ পিছত চিকিৎসকে আৰক্ষীক কয় যে শিশুটিৰ মূৰত আঘাতৰ চিন পোৱা গৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে শিশুটিৰ পিতৃ–মাতৃক সোধা–পোছা কৰে।
আৰক্ষীৰ জেৰাত জানিব পৰা যায় যে মহিলা আৰু প্ৰেমিকৰ মাজত ফোনৰ জৰিয়তে সম্পৰ্ক হৈছিল আৰু তেওঁলোকে আশ্ৰমত একেলগে থাকিবলৈ লয়। আৰক্ষীয়ে কয় যে শিশুটিৰ পিতৃ পূৰ্বেই বিবাহিত আছিল আৰু মহিলাগৰাকীয়ে এই কথা জানিছিল। সোধা–পোছাত ওলাই পৰে যে মহিলাগৰাকীয়ে নিজেই নিজৰ সন্তানক হত্যা কৰিছে, তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|